অসমীয়া কুইজ | Play Assamese Quiz Online

অনলাইন অসমীয়া কুইজ | Play Assamese Quiz Online
অনলাইন অসমীয়া কুইজ

কুইজ কি – What is quiz?

কুইজ (Quiz) হ’ল প্ৰশ্নোত্তৰৰ এক প্ৰতিযোগিতা যাৰ সহায়ত ব্যক্তিৰ বিভিন্ন বিষয়ৰ ওপৰত থকা দখল আৰু জ্ঞানৰ পৰীক্ষা লোৱা হয় ৷ কুইজৰ প্ৰতিযোগিতা সমূহত সাধাৰণতে প্ৰতিযোগীক ছুটি ছুটি সোধা হয় যিবোৰৰ উত্তৰ এটা দুটা শব্দ ব্যৱহাৰ কৰিয়ে দিব পাৰি ৷ প্ৰতিযোগিতাৰ কুইজ সমূহ যিকোনো এটা ধৰাবন্ধা বিষয় যেনে সাহিত্য, ৰাজনীতি, ক্ৰীড়া জগত, ভাষাজ্ঞান, বিজ্ঞান আদি নিৰ্দিষ্ট বিষয়ৰ ওপৰতো অনুস্থিত কৰা হয় নাইবা এই বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি সানমিহলি প্ৰশ্নৰ কুইজ প্ৰতিযোগিতাও অনুস্থিত কৰা হয় ৷কুইজ প্ৰতিযোগিতা সমূহ অতি আমোদজনক হোৱাৰ বাবে কুইজ খেল বুলিও গন্য কৰা হয় ৷ বিশেষকৈ বিদ্যালয়ৰ সমূহৰ বাৰ্ষিক খেল-ধেমালিত কুইজ এক অপৰিহাৰ্য অংশ ৷

[xyz-ihs snippet=”KDas-inArticle-in-post”]

অসমীয়া অনলাইন কুইজ প্ৰতিযোগিতা Online Assamese Quiz:

সাধাৰণতে কুইজ প্ৰতিযোগিতা Assamese Quiz Competition সমূহত প্ৰতিযোগী সকলৰ পৰা পোনপটীয়াকৈ প্ৰশ্নৰ উত্তৰ বিচৰা হয় যদিও কেতিয়াবা এটা প্ৰশ্নৰ বিপৰীতে তিনি চাৰিটা মানকৈ সানমিহলি উত্তৰো প্ৰতিযোগী সকলক দি দিয়া হয় আৰু তেওঁলোকে সেই তিনিটা বা চাৰিটা উত্তৰত মাজৰ পৰা প্ৰকৃত উত্তৰতো বাচি উলিয়াব লাগে ৷ এনেধৰণৰ প্ৰশ্নক Multiple-choice question বা MCQ (বৈকল্পিক প্ৰশ্ন) বোলা হয় ৷এই কুইজৰ খেল বা প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰিলে ব্যক্তিৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগতে ই মানসিক উৎকৰ্ষ সাধনত বিশেষ অৰিহণা যোগাই । ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ্থী সকলক পৰীক্ষা, সাক্ষাত্কাৰ আদিত অৱতীৰ্ণ হওঁতে এই কুইজ সমূহৰ পৰা হোৱা অভিজ্ঞতাই যথেষ্ঠ সহায় কৰে ।

অসমীয়া কুইজ প্ৰতিযোগিতাৰ (Assamese quiz competition) এই কুইজৰ প্ৰশ্নোত্তৰ সমূহ আকৰ্ষণীয় ভাবে সজাই তুলা হৈছে আৰু interensing কথা এইটোও যে অংশ গ্ৰহণকাৰী সকলক তেখেতলোকৰ উত্তৰৰ ভিত্তিত শতাংশত নম্বৰ দিয়া হয় । কুইজ সমূহৰ সন্মুখভাগ তলত দেখুৱাৰ দৰে ৰূপাঙ্কণ কৰা হৈছে আৰু কুইজ পৃষ্ঠাটোৰ Start option টোত ক্লিক কৰি এটা এটাকৈ প্ৰশ্ন সমূহৰ উত্তৰ দিব পাৰিব ।

অসমীয়া কুইজ | Play Assamese Quiz Online: Quiz Interface
Assamese Quiz Example

অনলাইন অসমীয়া কুইজৰ প্ৰশ্ন সমূহ তলৰ ছবিত দেখুৱাৰ দৰে সজাই তুলা হৈছে:

অনলাইন অসমীয়া কুইজ Assamese quiz online
অনলাইন অসমীয়া কুইজৰ উদাহৰণ Quiz Example

বৰ্তমান যিহেটু কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ যুগ, য’ত নেকি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেলা-ধুলা বা আমোদ-প্ৰমোদলৈকে সকলো বিলাক কাম ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ কম্পিউটাৰ বা হাতত থকা মোবাইল ফোনটোৰ যোগেদিয়েই কৰিব পাৰি ৷ আন নালাগে বৰ্তমান আপুনি ইণ্টাৰনেটৰ যোগেদিয়েই বিভিন্ন কুইজ সমূহো খেলিব পাৰে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি মইও এই ব্লগটোত অসমীয়া কুইজৰ শিতান এটা সংযোগ কৰিছোঁ ৷ য’ত আপুনি বিভিন্ন বিষয় যেনে সাধাৰণ জ্ঞান, অসমীয়াত বিজ্ঞানৰ প্ৰশ্নোত্তৰ, সাহিত্য, অসমীয়া শব্দ অৰ্থ আদি কুইজ সমূহ খেলিব পাৰিব ৷

অসমীয়া অনলাইন কুইজৰ বিষয় সমূহ:

অৱশ্যে যিহেটো এই ব্লগটো বৰ্তমান একেবাৰে চালুকীয়া অৱস্থাত আছে সেয়ে মাত্ৰ কেইটামান বিষয়ৰ ওপৰত, কম সংখ্যক প্ৰশ্নহে ইয়াত সন্নিবিষ্ট কৰা হৈছে । পৰৱৰ্তী সময়ত এই কুইজ শিতানত বিভিন্ন বিষয়ৰ ওপৰত অধিক প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম ।

বৰ্তমান তলত উল্লেখ কৰা বিষয় সমূহৰ ওপৰত কিছু প্ৰশ্ন ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । যেনে-

বিশ্ব কুইজ – World Quiz:

অসমীয়া ভাষাত যুগুত কৰা এই বিশ্ব কুইজৰ শিতানত দেশ-বিদেশৰ বিভিন্ন বিষয়ৰ কুইজৰ প্ৰশ্নোত্তৰ সন্নিৱিষ্ট কৰা হৈছে । এই বিশ্ব কুইজত ভাগ লৈ আপুনি আপোনাৰ বিভিন্ন বিষয়ত থকা জ্ঞান, অভিজ্ঞতা, আৰু পাৰদৰ্শিতাক নিজেই জুখি চাব পাৰিব ।

Finger pointing বিশ্ব কুইজ ভাগ- ১

অসমীয়া বিজ্ঞান কুইজ:

অসমীয়া বিজ্ঞান কুইজৰ অন্তৰ্গত পৃষ্ঠা সমূহত বিজ্ঞানৰ বিভিন্ন শিতানৰ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰি Online Quiz সমূহ গঢ়ি তোলা হৈছে । যেনে, বিভিন্ন বৈজ্ঞানিক কাম-কাজ, জোখমাখ আদিত ব্যৱহাৰ হোৱা বৈজ্ঞানিক সঁজুলি সমূহৰ নাম আৰু ব্যৱহাৰৰ ওপৰত অসমীয়া কুইজ, বিভিন্ন উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম সমূহৰ প্ৰশ্নোত্তৰ ইত্যাদি ।

Finger Pointing উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম (Scientific name of plants and fruits)

Finger Pointing বিভিন্ন বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ (Name and uses of scientific instruments)

সাধাৰন জ্ঞানৰ কুইজ:

সাধাৰণ জ্ঞানৰ বিষয় সমূহৰ ওপৰত অসমীয়াত সান-মিহলি প্ৰশ্নোত্তৰৰ কুইজ ।

শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ:

Finger Pointing শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ কুইজ

Finger Pointing ভাৰতৰ বিষয়ে ৫মৰ পৰা ৭ম শ্ৰেণীৰ বাবে সাধাৰণ জ্ঞানৰ কুইজ

অসমীয়া শব্দ অৰ্থৰ কুইজ:

আমি সঘনাই ব্যৱহাৰ নকৰা বিভিন্ন অসমীয়া শব্দ বোৰৰ ওপৰত যুগুত কৰা শব্দ-অৰ্থ আৰু বিপৰীত শব্দ সমূহৰ ওপৰত আধাৰিত কুইজ ।

Finger Pointing অসমীয়া শব্দ অৰ্থৰ কুইজ ১ম্ ভাগ (Assamese synonyms part-1)

Finger Pointing অসমীয়া শব্দ অৰ্থ ২য় ভাগ (Assamese synonyms part-2)

Finger Pointing অসমীয়া শব্দ অৰ্থ ৩য় ভাগ (Assamese synonyms part-3)

Finger Pointing অসমীয়া শব্দ অৰ্থ ৪থ ভাগ (Assamese synonyms part-4)

Finger Pointing অসমীয়া বিপৰীত শব্দ (Assamese antonym quizzes)

ওপৰত উল্লেখ কৰা অনলাইন অসমীয়া কুইজৰ বিষয় কেইটাৰ ওপৰত বৰ্তমানলৈকে 225 টা প্ৰশ্ন (Multiple Choice Question) আৰু সেই সমূহৰ উত্তৰ ইয়াত সন্নিবিষ্ট কৰা হৈছে । আগলৈ বিভিন্ন বিষয়ৰ ওপৰত আৰু অধিক প্ৰশ্নোত্তৰ ইয়াত যোগ কৰাৰ প্ৰয়াস কৰিম । এই বিষয়ত পাঠক সকলৰ দিহা-পৰামৰ্শ Comment যোগে একান্তই কামনা কৰিলোঁ ।

লগতে পঢ়ক:

কম্পিউটাৰৰ বাবে কেইটামান প্ৰয়োজনীয় ছফ্‌টৱেৰ

Ratings:

0 / 5 4.89 9

Related Topics

Leave a Comment

 

Share to: