কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Free Tips

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

এই ব্লগ পোষ্টটোত মই কম্পিউটাৰ বা PC ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা ভাল ভাল ৱেব ব্ৰাউজাৰে আপোনাক এক মানসিক চাপমুক্ত পৰিৱেশত কাম কৰাত সহায় কৰে যাতে আপুনি নিজৰ কামত সম্পূৰ্ণৰূপে আৰু নিৰ্ভয়ে মনোনিৱেশ কৰিবলৈ সক্ষম হয়।

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ

কিন্তু আপোনাৰ কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা বাছনি কৰাৰ বিষয়ে পঢ়াৰ আগতে কৈ লওঁ ৱেব ব্ৰাউজাৰনো কি?

ৱেব ব্ৰাউজাৰ কি (What is a web browser)?

Contents show

ৱেব ব্ৰাউজাৰ বা ইণ্টাৰনেট ব্ৰাউজাৰ এনে এটা চফ্টৱেৰ এপ্লিকেচন যিটো ইণ্টাৰনেটৰ জৰিয়তে ৱৰ্ল্ড ৱাইড ৱেব (www) ত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে ৱেব ব্ৰাউজাৰ হৈছে ইণ্টাৰনেটৰ জগত খনত বিচৰণ কৰিবলৈ, ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ যিকোনো ব্যক্তিৰ সৈতে সংযোগ কৰিবলৈ, ৱেবৰ (www) যিকোনো ৱেবচাইটৰ বিষয়বস্তু ব্ৰাউজ কৰিবলৈ ব্যৱহাৰ কৰা চফ্টৱেৰ

এই লেখাটো পঢ়িবলৈ আপুনি ব্যৱহাৰ কৰা চফটৱেৰটোও এটা ৱেব ব্ৰাউজাৰ। ডেস্কটপ পি চি (Desktop PC), লেপটপ, টেবলেট, স্মাৰ্টফোন আদি সকলোতে এই ব্ৰাউজাৰ এপটো সহজে দেখা পাব । ইণ্টাৰনেট ব্ৰাউজাৰে (সংক্ষেপে “ব্ৰাউজাৰ” বুলি কোৱা) ব্যৱহাৰকাৰী সকলক ৱেবচাইট সমূহ বিচাৰি উলিয়াবলৈ, তাত থকা লেখা বা অন্যান্য তথ্য সমূহ চাবলৈ, শুনিবলৈ সহায় কৰে ।

[Finger Pointing লগতে পঢ়ক: কম্পিউটাৰৰ বাবে অতি প্ৰয়োজনীয় ছফ্‌টৱেৰৰ তালিকা]

আপোনাৰ কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব?

আপোনাৰ কম্পিউটাৰটোৰ বাবে এটা উৎকৃষ্ট ৱেব ব্ৰাউজাৰ নিৰ্বাচন কৰাটো বৰ বিশেষ কঠিন কাম নহয় আৰু ইয়াৰ বাবে আপুনি এজন চফ্টৱেৰ বিশেষজ্ঞ হোৱাৰো প্ৰয়োজন নাই। কিন্তু, কেইবাটাও ৱেব ব্ৰাউজাৰৰ মাজৰ পৰা শ্ৰেষ্ঠ ৱেব ব্ৰাউজাৰটো বাছনি কৰাটো অলপ কঠিন। কাৰণ আপোনাৰ ৱেব ব্ৰাউজাৰটো নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত হ’ব লাগিব আৰু বিভিন্ন প্ৰকাৰৰ ৱেব পৃষ্ঠাসমূহ দ্ৰুতভাৱে লোড কৰাৰ ক্ষমতা ব্ৰাউজাৰটোৰ থাকিব লাগিব। কাৰণ এইটো এনে এটা চফটৱেৰ যিটো প্ৰতিদিনে অনলাইন বেংকিঙৰ পৰা ধৰি অনলাইনত বাতৰি পঢ়া বা অনলাইন যোগে কৰা বিভিন্ন গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৱেব ব্ৰাউজাৰ হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি ব্যৱহৃত এপ্লিকেচন চফটৱেৰ সমূহৰ ভিতৰতে এটা। সেয়েহে আপুনি আপোনাৰ কম্পিউটাৰটোৰ বাবে এটা নিৰ্ভৰযোগ্য আৰু উন্নতমানৰ ব্ৰাউজাৰ বাছনি কৰি লোৱাটো অত্যন্ত প্ৰয়োজন ।

[xyz-ihs snippet=”KDas-responsive-in-post”]

আপোনাৰ ৱেব ব্ৰাউজাৰটো কেনেকুৱা হ’ব লাগে?

গতিকে, আপুনি কি ব্ৰাউজাৰ ব্যৱহাৰ কৰিছে? গুগল ক্ৰ’ম (Google Chrome) নে মোজিলাৰ ফায়াৰফক্স (Firefox), মাইক্ৰ’ছফ্টৰ Edge নে জনপ্ৰিয় অপেৰা (Opera) ব্ৰাউজাৰ? যদি আপুনি এতিয়াও আপোনাৰ Windows 10, 8, বা 7 অৰ দ্বৰা চালিত কম্পিউটাৰটোৰ টোৰ বাবে এটা ব্ৰাউজাৰ নিৰ্বাচন কৰাৰ বাবে বিভ্ৰান্তিত পৰিছে, তেনে এই লেখাটো পঢ়ি আপোনাৰ বিভ্ৰান্তি দুৰ কৰিব পাৰে । এই লেখাটোত আপোনাৰ উইণ্ডোজ কম্পিউটাৰ টোৰ বাবে আপোনাৰ পৰৱৰ্তী ৱেব ব্ৰাউজাৰ নিৰ্বাচন কৰাৰ 10 টা উপযোগী টিপছ (Useful tips) দিয়া হৈছে।

পঢ়ি চাওকচোন সেই tips কেইটাঃ

মাল্টিটাস্কিং (Multitasking):

ৱেব ব্ৰাউজাৰ হৈছে এনে এটা চফট্‌ৱেৰ যিটোৰ সহায়ত ইণ্টাৰনেট চাৰ্ফ কৰা, ইণ্টাৰনেটত বিভিন্ন সমল আৰু তথ্যৰ বাবে ৱেবচাইট ব্ৰাউজ কৰা, ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে মানুহৰ সৈতে সংযোগ স্থাপন কৰা, ইমেইল প্ৰেৰণ আৰু গ্ৰহণ কৰা, চিনেমা চোৱা, আৰু আন সকলো কাম যেনে অনলাইন বজাৰ কৰা, নেট বেংকিং, ই-পেপাৰ পঢ়া আদি যিবোৰ ইণ্টাৰনেটৰ জৰিয়তে কৰা হয়। প্ৰায়বোৰ আধুনিক ব্ৰাউজাৰ ব্যৱহাৰ কৰি অনলাইন গেম খেলিবলৈ, ফ্লেচ কন্টেন্ট প্লে’ ক’ৰিবলৈ বা বিভিন্ন প্ৰকাৰৰ মিডিয়া ফাইল (অডিঅ’, ভিডিঅ’, ছবি আদি) খুলি চাবলৈ ব্যৱহাৰ কৰিব পাৰি। গতিকে আপোনাৰ বৰ্তমানৰ ব্ৰাউজাৰত এই কাম সমূহ কৰাৰ ক্ষমতা থাকিব লাগিব ।

অনলাইন সুৰক্ষা (Online Security):

আমি প্ৰায়ে ইণ্টাৰনেটৰ জৰিয়তে ব্যক্তিগত তথ্য, বিত্তীয় তথ্য আদি বিভিন্ন সময়ত share কৰিব লাগে। যেনে, ইমেইল বা অন্য উপায়ৰ জৰিয়তে, অনলাইন বেংকিং কৰোঁতে, অনলাইন payment কৰোঁতে, ইত্যাদি ইত্যাদি। অনলাইন বেংকিঙে সময় ৰাহি কৰে, লগতে বেংকিং সহজ কৰি তোলে। যিহেতু এই সকলোবোৰ কাম এটা ৱেব ব্ৰাউজাৰৰ জৰিয়তে কৰা হয়, সেয়ে ব্ৰাউজাৰটো নিৰ্ভৰযোগ্য, সুৰক্ষিত আৰু নিৰাপদ হ’ব লাগে। এটা অসুৰক্ষিত ৱেব ব্ৰাউজাৰে আপোনাৰ ব্যক্তিগত তথ্য, ATM PIN, বেংক একাউণ্টৰ নম্বৰ, আদি ৰাজহুৱা কৰিব পাৰে।

গতিকে ই আপোনাৰ ডাটাক অনলাইন ফিছিং আক্ৰমণ, যিকোনো মালৱেৰ (Malware), বা যিকোনো বিপদজনক স্ক্ৰিপ্ট (dangerous script) অৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ শক্তিশালী হ’ব লাগে। যদিহে ব্যৱহাৰকাৰীয়ে কোনো ক্ষতিকাৰক বা অবিশ্বাস্য ৱেবচাইটত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে বা তেওঁ ৱেবৰ পৰা কোনো ক্ষতিকাৰক প্ৰগ্ৰেম বা ফাইল ডাউনলোড কৰিবলৈ চেষ্টা কৰে তেন্তে বৰ্তমান কিছুমান ব্ৰাউজাৰে ব্যৱহাৰকাৰী জনক এই বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিয়ে । আনকি কিছুমান ব্ৰাউজাৰে আপুনি ৱেবচাইট এটাৰ পৰা কোনো ফাইন এটা ডাউনলোড কৰাৰ আগতে ফাইলটোৰ ছিকিউৰিটি স্কেন কৰি পৰীক্ষাও কৰে যাতে সেই ফাইলটোত কোনো কম্পিউটাৰ ভাইৰাচ বা মালৱেৰ লুকাই থকিব নোৱাৰে।

দ্ৰুততাৰে ৱেবচাইট লোড কৰাৰ ক্ষমতা (Faster page loading):

আপোনাৰ কম্পিউটাৰটোৰ বাবে বিভিন্ন কোম্পানীৰ বিভিন্ন ব্ৰাউজাৰ আছে আৰু আপুনি যিকোনো এটা ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে । কিন্তু প্ৰতিটো ব্ৰাউজাৰৰ ৱেবচাইট লোড কৰাৰ ক্ষমতা একে নহয় বা একে গতিৰে ৱেব পৃষ্ঠা বোৰ লোড নকৰে। যদি কোনোবা এটাই মাত্ৰ ৫ ছেকেণ্ডত এটা পৃষ্ঠা লোড কৰিব পাৰে, কিন্তু আন এটাক একেটা ৱেবপেজ লোড কৰিবলৈ ৩০ ছেকেণ্ডৰ প্ৰয়োজন হ’ব পাৰে। যদি আপোনাৰ ব্ৰাউজাৰত পৃষ্ঠাসমূহ দ্ৰুতভাৱে লোড কৰাৰ শক্তিৰ অভাৱ, তেন্তে আপুনি ইয়াক এতিয়াই সলনি কৰিব লাগে। কাৰণ এটা দ্ৰুত ব্ৰাউজাৰে সময় ৰাহি কৰে আৰু সৰ্বোত্তম ব্ৰাউজিং অভিজ্ঞতা প্ৰদান কৰে।

শক্তিশালী হ’ব লাগিব (Powerful):

বৰ্তমান বহুধৰণৰ বৃহট বৃহট ৱেবছাইট, ৱেব এপ (web apps), বা ভিডিঅ’ গে’মকে আদি কৰি অন্যান্য ৱেবছাইট আছে যিবেৰ আমি ব্ৰাউজাৰৰ জৰিয়তে ব্ৰাউজ কৰিব লগীয়া হয়, খেলিব লগীয়া হয় ইত্যাদি। আৰু ব্ৰাউজাৰৰ জৰিয়তে খেলিব পৰা বহু ভিডিঅ’ গে’ম বৰ্তমান উপলব্ধ। গতিকে আপোনাৰ ব্ৰাউজাৰটো যথেষ্ট শক্তিশালী হোৱাটো প্ৰয়োজন যাতে ই যিকোনো ধৰণৰ ৱেবছাইট খুলিব পাৰে, এটা ৱেব এপ অনায়াসে লোড কৰিব পাৰে বা যিকোনো শেহতীয়া ৱেব গেম আৰু অন্যান্য content বোৰ সমৰ্থন (support) কৰিব পাৰে।

গোপনীয়তা ৰক্ষা কৰি চলা (Privacy-friendly):

যেতিয়া আপুনি ব্ৰাউজাৰৰ search box অত এটা প্ৰশ্ন টাইপ কৰে, এটা ৱেব ঠিকনা লিখে, বা যিকোনো হাইপাৰলিংকত ক্লিক কৰে; আপোনাৰ ব্ৰাউজাৰে আপোনাৰ সকলো ৱেব কাৰ্য্যকলাপ ৰেক’ৰ্ড কৰি থব পাৰে । আপুনি কোনটো ৱেবচাইট চায়, সেই চাইটটোত কিমান সময় কটায়, কি ক্লিক কৰে, ৱেব ব্ৰাউজাৰে আপুনি কৰা এই সকলো কামৰ বিষয়ে জানে। আপোনাৰ এনে ব্ৰাউজিং হিষ্ট্ৰী (browsing history) সমূহ বা ব্ৰাউজাৰত কৰা কাৰ্য্যকলাপ বিশ্লেষণ কৰি এজন কম্পিউটাৰ চলোৱাত পাকৈত ব্যক্তিয়ে আপোনাৰ সকলো ব্যক্তিগত তথ্য যেনে আপোনাৰ আয়, ব্য, ৰুচি, ব্যক্তিগত কাৰ্য্যকলাপ আদি, আনকি এপোনাৰ বেংক বেলেঞ্চ কিমান আছে সেয়াও জানিবলৈ সক্ষম হয়। লগতে বিভিন্ন ব্ৰাউজাৰ কোম্পানীসমূহে প্ৰায়ে এই তথ্যসমূহ বিজ্ঞাপন কোম্পানীসমূহক বিক্ৰীও কৰে। ইয়াৰ উপৰিও কোনো অপৰাধী মনৰ ব্যক্তিয়ে এই ব্যক্তিগত তথ্য বিচাৰি পালে আপোনাৰ ক্ষতি হ’ব পাৰে।

সেয়ে, আপোনাৰ ব্ৰাউজাৰটোৱে আপোনাৰ সেই তথ্য সমূহ সুৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। সদায় এনে এটা ব্ৰাউজাৰ ব্যৱহাৰ কৰক যিয়ে আপোনাৰ ব্ৰাউজিং ইতিহাস (browsing history) বা অন্যান্য ব্যক্তিগত তথ্য সমূহ সুৰক্ষিত কৰি ৰাখে নাইবা সেই সমূহ সম্পুৰ্ণভাৱে মচি পেলাই আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰে, যিটো ব্ৰাউজাৰে কেতিয়াও ব্যক্তিগত তথ্য সমূহ ৰাজহুৱা নকৰে, আৰু লগতে private browsing অৰ সুবিধা প্ৰদান কৰে।

ব্যৱহাৰকাৰীৰ অনুকুল আন্তঃপৃষ্ঠ (User-Friendly Interface):

বেছিভাগ মানুহেই সহজ-সৰল কথা ভাল পায় আৰু জটিল কথাবোৰৰ লগত মানুহে নিজৰ মনোযোগ সোনকালে হেৰুৱাই পেলাই । যিকোনো ব্ৰাউজাৰ বা আন চফট্‌ৱেৰৰ ক্ষেত্ৰতো একেই কথা হয়। সদায় সৰল আৰু সাধাৰণ আন্তঃপৃষ্ঠৰ (interface) থকা এটা ব্ৰাউজাৰ বাছক, যিটোৰ কাৰ্যপ্ৰণালী বুজিপোৱাত অতি সহজ, যিটোৰ বিভিন্ন বৈশিষ্ট্যসমূহ সহজে বুজি পাব পাৰি আৰু যিটোৰ ভিতৰত সহজে এটা option অৰ পৰা আন এটা option লৈ যাব পাৰি বা নেভিগেট কৰিব পাৰি। ব্যৱহাৰকাৰীৰ বাবে অনুকুল সৰল আন্তঃপৃষ্ঠ (interface) থকা ব্ৰাউজাৰ এটা লঘু আৰু দ্ৰুত হয় আৰু কিছুমান অপ্ৰয়োজনীয় উপাদান আৰু জটিল ডিজাইনৰ থকা ব্ৰাউজাৰে আপোনাক ভালদৰে ব্ৰাউজিং কৰাত বাধা প্ৰদান কৰে।

আধুনিক ৱেব প্ৰযুক্তিসমূহ সমৰ্থন কৰিব পৰা (Support modern web technologies):

wwwৰ বা ইণ্টাৰনেটৰ জগতখনত প্ৰতিদিনে নতুন নতুন প্ৰযুক্তি উদ্ভাৱন আৰু গ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক নিৰ্ভৰযোগ্য, সহজ আৰু সুৰক্ষিত কৰি তোলা হৈছে। এতিয়া, এই নতুন প্ৰযুক্তিসমূহ আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ সুবিধা ল’বলৈ, আপোনাৰ ব্ৰাউজাৰে এই প্ৰযুক্তিসমূহ সমৰ্থন কৰিব পাৰিব লাগিব। যদি আপোনাৰ ব্ৰাউজাৰে এই নতুন বৈশিষ্ট্যসমূহ সমৰ্থন নকৰে, তেন্তে ই বহুতো নতুন ৱেবছাইট আৰু এপ্লিকেচন লোড কৰিব নোৱাৰিব। গতিকে আপোনাৰ ৱেব ব্ৰাউজাৰত এনে আধুনিক প্ৰযুক্তিসমূহ সমৰ্থন কৰিব পৰা ক্ষমতা থাকিব লাগে যিয়ে ইয়াক আধুনিক ৱেব প্ৰযুক্তি আৰু নতুন বৈশিষ্ট্যসমূহ সমৰ্থন কৰাত সহায় কৰে।

ব্যক্তিগত বা অজ্ঞাত ব্রাউজিঙৰ সুবিধা (Private or Anonymous Browsing):

ব্যক্তিগত ব্ৰাউজিং বা অজ্ঞাত ব্ৰাউজিং (private browsing) কিছুমান ৱেব ব্ৰাউজাৰত এটা গোপনীয়তা বৈশিষ্ট্য। অৱশ্যে সুবিধাটো বৰ্তমান সকলো আধুনিক ব্রাউজাৰত পোৱা যায়। এই বৈশিষ্ট্যৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ব্ৰাউজাৰত ব্ৰাউজিং হিষ্ট্ৰী (browsing history) ৰাখি নোথোৱাকৈ ৱেবত সন্ধান কৰিব পাৰে বা যিকোনো ৱেবছাইট ব্ৰাউজ কৰিব পাৰে।

ওপৰতে কৈ আহিছোঁ যে যেতিয়া আপুনি ব্ৰাউজাৰৰ search box অত কিবা এটা লিখি search কৰে, এটা web address লিখে, বা যিকোনো হাইপাৰলিংকত ক্লিক কৰে; আপোনাৰ ব্ৰাউজাৰে আপোনাৰ সকলো কাৰ্য্যকলাপ ৰেক’ৰ্ড কৰি থব পাৰে । এই কাৰ্য্যকলাপ সমূহক ব্ৰাউজিং হিষ্ট্ৰী (browsing history) বোলে । ব্ৰাউজাৰটো বা কম্পিউটাৰটো বন্ধ কৰি দিলেও ব্ৰাউজিং হিষ্ট্ৰী কম্পিউটাৰ আৰু ব্ৰাউজাৰত ৰৈ যায় । এই browsing history সমূহ তৃতীয় পক্ষৰ হাতত পৰিলে আপোনাৰ বিপদো হ’ব পাৰে । কিন্তু যেতিয়া আপুনি এই private browsing (ব্যক্তিগত ব্ৰাউজিং) নামৰ option টো সক্ৰিয় কৰি আপোনাৰ ব্ৰাউজাৰত কিবা ব্ৰাউজিং কৰে তেতিয়া ব্ৰাউজাৰটো বন্ধ কৰি দিয়াৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে সকলো browsing history, কুকীজ, কেচ ডাটা, বা আপুনি ব্ৰাউজাৰত ভৰোৱা যিকোনো তথ্য মচি পেলায়।

গতিকে সেই কম্পিউটাৰত আপোনাৰ ব্ৰাউজিং ডাটা কোনেও ট্ৰেক কৰিব নোৱাৰিব। কিন্তু ব্যক্তিগত ব্ৰাউজিঙৰ সময়ত আপুনি ডাউনলোড কৰা বা বুকমাৰ্ক কৰা যিকোনো ফাইল সংৰক্ষণ কৰি থোৱা হয়। মন কৰিব যে আপুনি খুলি চোৱা ৱেবছাইটসমূহ বা browsing history আপোনাৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সকলে যিকোনো সময়তে চাব পাৰে ।

ব্ৰাউজাৰটো লঘু ওজনৰ হ’ব লাগে (lightweight):

আকাৰেই হওক বা মেমৰি খৰচৰ ফালৰ পৰাই হওক, এই দুয়ো ফালৰ পৰা ব্ৰাউজাৰৰ ক্ষেত্ৰত পৰিমাণটো সৰু হ’ব লাগে। এটা ডাঙৰ এপ্লিকেচনে সদায় অধিক স্থান দখল কৰে আৰু সেইটো চালিত কৰিবলৈ কম্পিউটাৰৰ প্ৰচেচৰটোৰ ওপৰত অধিক বোজা পৰে, আনহাতে এটা সৰু এপ্লিকেচনক কম memory প্ৰয়োজন হয় আৰু চালিত কৰাটোও সহজ। ঠিক তেনেদৰেই কিছুমান ৱেব ব্ৰাউজাৰে বহুত বেছি পৰিমাণৰ চিষ্টেম মেমৰি খৰচ কৰে আৰু ফলত আপোনাৰ PC টো লেহেমীয়া হ’ব পাৰে বা সঘনাই হেং হ’ব পাৰে।

গতিকে এনে এটা ব্ৰাউজাৰ বাছি লোৱাটো ভাল যিটো চলাবলৈ কম চিষ্টেম মেমৰিৰ প্ৰয়োজন হয়, প্ৰচেচৰটোৰ ওপৰত কম বোজা পৰে যাতে আপুনি আপোনাৰ কম্পিউটাৰৰ আন কামবোৰত বাধা নিদিয়াকৈ সহজে ইণ্টাৰনেট ব্ৰাউজিং কৰিব পাৰে।

স্বয়ংক্ৰিয় Data synchronization অৰ সুবিধা:

স্বয়ংক্ৰিয় Data synchronization মানে চমুকৈ হৈছে দুটা বা অধিক ডিভাইচৰ মাজত তথ্য সমন্বয় কৰাৰ চলি থকা প্ৰক্ৰিয়, যাৰ দ্বাৰা আপুনি আপোনাৰ যিকোনো ডিভাইচ যেনে কম্পিউটাৰ বা ফোনটোত কৰা কাৰ্য সমূহ আন এটা ডিভাইচত চাব পাৰে ।

স্বয়ংক্ৰিয় ভাৱে Data synchronization কৰাটো আপোনাৰ ব্ৰাউজাৰত থাকিবলগীয়া আন এটা উত্তম বৈশিষ্ট্য। ই আপোনাক একাধিক ডিভাইচ যেনে কম্পিউটাৰ, স্মাৰ্টফোন, বা টেবলেট আদিত আপোনাৰ ডাটা সমূহ স্বয়ংক্ৰিয়ভাৱে synchronization কৰাৰ সুবিধা দিয়ে। Data synchronization বৈশিষ্ট্যৰ জৰিয়তে, আপুনি যিকোনো সময়তে যিকোনো ঠাইতে আপোনাৰ কম্পিউটাৰত থকা সকলো ব্ৰাউজাৰ ডাটা যেনে আপোনাৰ ৱেব ব্ৰাউজিং হিষ্ট্ৰী (browsing history), বুকমাৰ্ক, ইত্যাদি বোৰ আপোনাৰ ফোনটোতে চাব পাৰে বা ফোনৰ ব্ৰাউজাৰট থকা তথ্য সমূহ কম্পিউটাৰটোত চাব পাৰে ।

প্ৰয়োজন অনুসৰি সহজে customize কৰি ল’ব পৰা:

আপোনাৰ ব্ৰাউজাৰ এনেকুৱা হ’ব লাগে যাতে আপুনি ইয়াক আপোনাৰ প্ৰয়োজন অনুসৰি সহজে কাষ্টমাইজ কৰি ল’ব পাৰে। কিছুমান ব্ৰাউজাৰে আপোনাক আপোনাৰ প্ৰয়োজন অনুসৰি সেইটো কাষ্টমাইজ কৰিবলৈ দিয়ে। যাৰ দ্বাৰা আপুনি ব্ৰাউজাৰটোত অতিৰিক্ত বৈশিষ্ট্যসমূহ যোগ কৰিব পাৰে, ইয়াৰ থিম, ৰং সলনি কৰিব পাৰে, ইয়াৰ ক্ষমতাসমূহ সম্প্ৰসাৰিত কৰিবলৈ প্লাগইনসমূহ যোগ কৰিব পাৰে, ইত্যাদি । যাতে ই আপোনাক ভালদৰে কাম কৰাত সহায় কৰে। কাষ্টমাইজেচন বৈশিষ্ট্যই আপোনাৰ ব্ৰাউজাৰক অধিক উপভোগ্য আৰু ব্যৱহাৰ কৰাত সহজ কৰি তোলে।

বুকমাৰ্কিং (Bookmarking):

বুকমাৰ্কিং হৈছে প্ৰতিটো ব্ৰাউজাৰত থাকিব লগীয়া অন্যতম শ্ৰেষ্ঠ বৈশিষ্ট্য। যেতিয়া আপুনি এটা চাইট অতি সঘনাই খুলি চায়, বা আপুনি এটা চাইট আপোনাৰ বাবে উপযোগী হ’ব বুলি ভাবে, তেতিয়া সেই চাইট বা পৃষ্ঠাটোৰ ঠিকনাটো (Site Address) আপোনাৰ ব্ৰাউজাৰত সহজে বিচাৰি পোৱাকৈ সংৰক্ষণ কৰাৰ আটাইতকৈ দ্ৰুত আৰু উত্তম উপায় হ’ল বুকমাৰ্কিং। চমুকৈ বুকমাৰ্কিং হৈছে ভৱিষ্যতে ব্ৰাউজিঙৰ বাবে এটা URL সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া।

সাৰাংশ:

আপোনাৰ কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব তাৰ ওপৰত 12 টা tips উল্লেখ কৰিলোঁ । এই কেইটা আচলতে টিপচ্‌ নহয়, এইবোৰ হৈছে এটা ৱেব ব্ৰাউজাৰত থকিবলগীয়া কিছুমান অতি আৱশ্যকীয় বৈশিষ্ট্য। মই ভাবো এই লেখাটো পঢ়াৰ পাছত আপুনি আপোনাৰ কম্পিউটাৰটোৰ বাবে এটা ভাল ৱেব ব্ৰাউজাৰ সহজে বাছি ল’ব পাৰিব আৰু যদি আপোনাৰ বৰ্তমানৰ ব্ৰাউজাৰত এইবোৰৰ বেছিভাগ বৈশিষ্ট্য নাই, তেন্তে আপোনাৰ ব্ৰাউজাৰ সলনি কৰাৰ সময় আহি পৰিছে। বৰ্তমান বহুতো উন্নত ব্ৰাউজাৰ উপলব্ধ, এক ভাল ৱেব ব্ৰাউজিঙৰ বাবে আপুনি Google Chrome , EdgeFirefox, Opera Browser ইত্যাদি ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ উপৰিও এটা কথা মনত ৰাখিব যে কোনো চফট্‌ৱেৰেই কোনো এটা কামৰ ক্ষেত্ৰত ১০০% নিখুঁত নহয় আৰু প্ৰতিটো চফ্টৱেৰৰে কিছুমান ত্ৰুটি আৰু নেতিবাচক দিশ থাকে আৰু একেদৰে কোনো ব্ৰাউজাৰত প্ৰয়োজনীয় সকলো বৈশিষ্ট্য নাথাকিবও পাৰে। কিন্তু আপুনি আপোনাৰ ব্ৰাউজাৰত উপলব্ধ সঁজুলি আৰু বৈশিষ্ট্যসমূহ কেনেকৈ ব্যৱহাৰ কৰি ইয়াক এটা নিখুঁত ৱেব ব্ৰাউজিং সঁজুলি কৰি তুলিব পাৰে তাৰ ওপৰতহে ব্ৰাউজাৰটোৰ কাৰ্যক্ষমতা নিৰ্ভৰ কৰে । Read this article in English here.

Related Articles

Leave a Comment

 

Share to: