মোৰ কবিতাৰ ছন্দ লাগি
Mur Kobitar Chanda Lagi (Rabha Sangeet)
গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে
নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰ্ষ লাগি হিয়াত নাচোন উঠেনে?
হিয়াত নাচোন উঠেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাঁহী মোৰ
ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাত কৰি লই পৰিবনে হিয়া জুৰ ?
সেই সুৰতেই শাত কৰি লই পৰিবনে হিয়া জুৰ ?
ছেৱে ছেৱে ফুলে ফুল, গোন্ধতে আমূলমূল
ছেৱে ছেৱে ফুলে ফুল, গোন্ধতে আমূলমূল
সেই ছেৱতে পুলক জগাই এবাৰ হিয়াই নাছেনে ?
এবাৰ হিয়াই নাছেনে ?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
Mur Kabitar Sanda Lagi Rabha Sangeet Lyrics.
Lyrics of Rabha Sangeet Mur Kobitar Chanda Lagi
Lyricist- Kolaguru Bishnu Prasad Rabha
Category- Rabha Sangeet
Language- Assamese