Download Lachit Assamese Keyboard- লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Download and install the Lachit Assamese Keyboard app on Android phone and type Assamese script easily.

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷

Download Lachit Assamese Keyboard লাচিত অসমীয়া কী-ব'ৰ্ড
লাচিত অসমীয়া কী-ব’ৰ্ড

[জনপ্ৰিয় বিষয়: কুইজ মেলা, অনলাইন অসমীয়া কুইজ]

Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামান জানো আহক

যদিওবা এই স্মাৰ্টফোন বোৰৰ প্ৰধান ভাষা ইংৰাজী, তথাপিও এই সমুহত প্ৰায়বোৰ আঞ্চলিক ভাষা লিখিব পাৰি ৷ অৱশ্যে তাৰ বাবে প্ৰায়বোৰ  স্মাৰ্টফোনতে  প্ৰয়োজনীয় Software টো স্থাপন (Install) কৰি লব লগীয়া হয় । অৱশ্যে বৰ্তমান অত্যাধুনিক স্মাৰ্টফোন সমুহত আন Software স্থাপন (Install) নকৰাকৈও অসমীয়া লিখিব পাৰি যদিও এই প্ৰক্ৰিয়া বৰ নিৰ্ভৰযোগ্য নহয় । আৰু স্মাৰ্টফোনত অসমীয়া লিখিবৰ বাবে ব্যৱহাৰ কৰা এটা নিৰ্ভৰযোগ্য এপ হ’ল লাচিত অসমীয়া কী-ব’ৰ্ড Lachit Assamese Keyboard

[xyz-ihs snippet=”KDas-responsive-in-post”]

লাচিত অসমীয়া কী-ব’ৰ্ড Lachit Assamese Keyboard for Android Smartphone

বৰ্তমান সময়ত অসমীয়া লোক সকলৰ মাজটো বিভিন্ন ছচিয়েল মিডিয়া যেনে ফেচবুক, টুইটাৰ আদিত অসমীয়া অসমীয়া লিখাৰ প্ৰৱনতা দেখা গৈছে যিটো নিশ্চয়কৈ এটা ভাল অভ্যাস । বৰ্তমান স্মাৰ্টফোন সমুহত বিশেষকৈ এণ্ড্ৰইড স্মাৰ্টফোনত (Android Smartphone) অসমীয়া লিখিবৰ বাবে বিভিন্ন উন্নত মানৰ Software বা App পোৱা যায় আৰু তাৰ ভিতৰত এটা জনপ্ৰিয় আৰু নিৰ্ভৰযোগ্য Software বা App হ’ল Lachit Multilingual Keyboard (লাচিত বহুভাষী কী-ব’ৰ্ড) । আকাৰত অতি সৰু যদিও এইখন এখন অতি উন্নত মানৰ অসমীয়া কী-ব’ৰ্ড । এই অসমীয়া কী-ব’ৰ্ড খনৰ নিৰ্মাতা হ’ল মৃদুল কুমাৰ শৰ্মা । এই Assamese Keyboard খনত সচৰাচৰ বেচিকৈ ব্যৱহাৰ হোৱা আখৰ সমুহ একে ঠাইতে সজাই তোলা হৈছে যাতে লিখোঁতা জনে অতি সহজে আখৰ সমুহ বিচাৰি লব পাৰে ৷

লগতে পঢ়ক:

কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব

পঢ়ক আজিৰ দৈনিক অসমীয়া বাতৰি কাকত সমূহ

আৰু অসমীয়া শব্দ অৰ্থৰ কুইজ খেলোঁ আহক

লাচিতৰ সহায়ত মোবাইল ফোনত অসমীয়া কেনেকৈ লিখিব

লাচিত কীবৰ্ড খনৰ বৈশিষ্ট সমুহ Lachit Assamese Keyboard Features:

  • অতি সৰু আকাৰ: এই লাচিত অসমীয়া কী-ব’ৰ্ড খনৰ আকাৰ যথেষ্ট সৰু (মাত্ৰ প্ৰায় 1 MB) । সেয়ে এই এপটো স্থাপন কৰিবলৈ অতি কম পৰিমানৰ ঠাই (Disk Space) বা মেম’ৰি (Memory) প্ৰয়োজন হয় আৰু যাৰ ফলত ফোনটোৰ কাৰ্যকলাপত কোনো বাধা নপৰে অৰ্থাৎ ফোনটো Slow হৈ নাযায় । সেইবাবে এইখন যিকোনো এণ্ড্ৰইড ফোনতে স্থাপন কৰি লব পাৰি ।
  • লাচিত কী-ব’ৰ্ড খনত সহজে লিখা ভাষাটো সলনি কৰি লব পাৰি। অৰ্থাৎ অসমীয়াত লিখি থাকোতে অতি সহজতে ইংৰাজী কীবৰ্ড খনলৈ সলনি কৰি ল’ব পাৰি বা ইংৰাজীৰ পৰা অসমীয়ালৈ কীবৰ্ড খন বদলি কৰি ল’ব পাৰি ।
  • এইখন প্ৰায়বোৰ বোৰ Android Smartphone তে ব্যৱহাৰ যোগ্য । প্ৰায়বোৰ এণ্ড্ৰইড ফোনতে ইয়াক সহজে স্থাপন কৰি লব পাৰি ।
  • এই কীবৰ্ড খনৰ নতুন সংস্কৰণ (New version) টোৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল যে, ইয়াত কোনো এটা আখৰ লিখাৰ লগে লগে সেই আখৰটোৰে আৰম্ভ হোৱা সচৰাচৰ ব্যৱহৃত শব্দবোৰ কী ব’ৰ্ড খনৰ ওপৰত এটা এটাকৈ দেখা দিয়ে ৷ তেতিয়া সম্পুৰ্ণ শব্দটো লিখাৰ সলনি ওপৰত দেখা দিয়া প্ৰয়োজনীয় শব্দটোত স্পৰ্শ (Touch) কৰি দিলেই লিখিব বিচৰা শব্দটো পুৰ্ণ হৈ পৰে ৷
  • আমি অসমীয়াত লিখা মেলা কৰোতে যিবোৰ আখৰ বেছিকৈ ব্যৱহাৰ কৰোঁ, সেই সমুহ আখৰ কী ব’ৰ্ড খনত এনেকৈ সজোৱা আছে যে আখৰ লিখাৰ সময়ত সহজে বিচাৰি পায় আৰু যিকোনো লোকে এই Assamese Keyboard App টোৰ জৰিয়তে সহজে অসমীয়া লিখিব পাৰে ৷

লাচিত কী-ব’ৰ্ড ব্যৱহাৰ কৰি অসমীয়া কেনেকৈ লিখিব How to write Assamese using Lachit:

এই লাচিত কী-ব’ৰ্ড খনৰ সহায়ত বৰ্তমান অসমীয়াৰ উপৰিও বাংলা আৰু হিন্দী আখৰ সুন্দৰকৈ যিকোনো Android স্মাৰ্টফোনত লিখিব পাৰি । লাচিত কী-ব’ৰ্ড খন ব্যৱহাৰ কৰি অসমীয়া কেনেকৈ লিখিব পাৰি সেয়া শিকিবলৈ তলৰ লিংকটোত ক্লিক কৰকঃ

লাচিত কী-ব’ৰ্ডৰ সহায়ত স্মাৰ্টফোনত অসমীয়া কেনেকৈ লিখিব

Download Lachit Assamese Keyboard:

Lachit Multilingual Keyboard (লাচিত বহুভাষী কী-ব’ৰ্ড) খনৰ নতুন সংস্কৰণটো গোগল প্লে ষ্ট’ৰৰ পৰা আপোনাৰ ফোনত স্থাপন (Install) কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰকঃ

DOWNLOAD LACHIT KEYBOARD

Or get it from Play Store

Click the above link to download the Lachit Assamese keyboard app for Android. This is a small application to type Assamese Unicode script easily on Android smartphones. Download and install it for free.

লেখাতো পঢ়ি ভালপালে বা আপোনাৰ কিছু সহায়ক হলে Share কৰিবলৈ নাপাহৰিব, যাতে আন দুজনৰো সহায় হয় ।

Ratings:

0 / 5 5 6

Related Topics

Leave a Comment

 

Share to: