জয়া নাই জয়া নাই ৰাভা সংগীত Lyrics | Joya Nai Rabha Sangeet

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: জয়া নাই (Joya Nai)

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

গীতৰ শ্ৰেণীঃ ৰাভা সংগীত

Download/Play:

জয়া নাই… জয়া নাই…

জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল,
মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই,
জয়া নাই জয়া নাই… জয়া নাই জয়া নাই ।

Music…

তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জালিলে দীপালি বুকুৰ অগনি জালি।
পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকেই দিলে বলি।
জয় দেউলৰ শিলত বোলালে সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি তোলে বিননী ৰোল।
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই,
জয়া নাই জয়া নাই, জয়া নাই জয়া নাই…

Music…

সেই সাগৰৰ তেজৰ টুপিৰে বোলোৱা ৰাঙলী চুলি,
জ্বলোৱা দীপালি চাকিৰ শিখাৰে হৃদয় শলিতা জালি ।
উঠা অসমৰ গাভৰু ছোৱালী জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে নুতুলিবা তেনে ৰোল ।

জয়া নাই জয়া নাই,

অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই…

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

লগন উকলি গ’ল

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

Joya Nai Rabha Sangeet Lyrics:

Song Name- Joya Nai Joya Nai (Rabha Sangeet)

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 3

Related Songs

জয়া নাই (Joya Nai) Rabha Sangeet Lyrics
জয়া নাই Lyrics

Leave a Comment

 

Share to: