Contents
show
বহুতকে বহু দিও নাপালোঁ একোকে
চলচিত্ৰ – ঘৰ সংসাৰ
কণ্ঠ – নমিতা গোস্বামী, ইনা মুখাৰ্জী
বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে ।
সেয়েহে মনে মোৰ বুজনি নেমানি ;
সেয়েহে মনে মোৰ বুজনি নেমানি,
অকলশৰে নিজানতে টুকে চকুপানী ।।
লয়নে প্ৰতিদান, হিয়াখনি দিয়াৰ ,
পিয়াসী হৃদয় খনিৰ, সহাৰি জনোৱাৰ ।
মন সাগৰত মেলি বেদনা লহৰত
ভাঙিলে সপোন মোৰ আৰু বহুতৰ ।।
মায়াবী চলনা এতিয়া বুজিলোঁ ,
হৃদয় উজাৰি দিও একোকে নাপালোঁ ।
সেয়েহে মনে মোৰ বুজনি নেমানি
অকলশৰে নিজানতে টুকে চকুপানী
বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে ।।।