Contents
show
গীত: বিশ্বৰ ছন্দে ছন্দে
গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে
নাচা
নাচা তমোহৰ দেউ নাচা !
বন্দে
বন্দে আজি সৱ
ভকত বৃন্দে
বন্দে ।
তব চৰণ কমল
বন্দে ।
জ্বলোৱা সাগ্নিক
তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
উঠক নাচি
অজ্ঞান এন্ধাৰ
বিনাশি
পুলকানন্দে
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে ।
Rabha Sangeet Bishwar Chande Chande (Assamese song lyrics)