অসমীয়াগিৰী কৰোঁ আহক – Let’s Do Some Asomiyagiri

অসমীয়াগিৰী কেনেকৈ কৰিব - asomiyagiri

অসমত অসমীয়াগিৰী কেনেকৈ কৰিব:

আমি যে কথাই কথাই অসমত অসমীয়াগিৰী চলিব লাগে বুলি কৈ ফুৰোঁ, অসমত বাৰু অসমীয়াৰ অসমীয়াগিৰী চলি থাকিবনে সঁচায়ে ?

এটা সৰু উদাহৰণ দিছোঁ,

কাতি বিহু ; গাওঁ অঞ্চলৰ সীমিত সংখ্যক লোকক বাদ দি কিমানজন অসমীয়াই আজিকালি কাতি বিহু পালন কৰে বাৰু ? আজি বহু অসমীয়াই কাতি বিহু পালন কৰাটো দুৰৰে কথা, কাতি বিহুৰ আন এটা নাম কি তাকে নাজানে ৷ “তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনু-শৰ ধৰে” বুুুুুুলি গোৱা গীতটো আজিৰ কিমান ল’ৰা-ছোৱালীয়ে জানে ?

আলি-আয়ে-লিগাং? বহুতে আলি-আয়ে-লিগাং খাই নে কাণত পিন্ধে তাকো নাই শুনা ৷ কিন্তু বৰ্তমান দেখা গৈছে, আজিৰ অসমীয়াই কিছুমান অনাঅসমীয়া সংস্কৃতি ভালদৰেই আকোঁৱালি লৈছে ৷ যেনে ব’ল ব’ম, ধনতেৰাচ, ষট পুজা, ইত্যাদি ইত্যাদি। এই উৎসৱ সমুহ আহিলে বহু অসমীয়াৰ ওলাহে নধৰা হয় ৷ কিন্তু আজিৰ পৰা কিছু বছৰৰ আগলৈকে অসমত এই উৎসৱ সমুহৰ নামেই শুনা নাছিলোঁ, কিন্তু এতিয়া যেনিবা চৰকাৰৰ কৃপাত এদিন বন্ধও লাভ কৰিলোঁ আৰু ষট পুজা বুলি পানীত নামি পুণ্য অকনমান আৰ্জন কৰাৰ সুযোগ অকনো লাভ কৰিলোঁ ৷

এতিয়া মূল কথালৈ আহোঁ:

এই বহিৰাগত উৎসৱ সমুহ আমি যিমান উৎসাহেৰে পালন কৰোঁ, নিজৰ জাতীয় সংস্কৃতি সমুহক কিয় আলৈ-আথানি কৰোঁ ? কোনো বেলেগ এটা সম্প্ৰদায়ৰ এটা সংস্কৃতিক আদৰি লোৱাটোত কোনো আপত্তি নাই, কিন্তু সেই বেলেগ সম্প্ৰদায়ৰ লোক সকলে আমাৰ সংস্কৃতিক আদৰি লৈছেনে নাই সেয়াও বিচাৰ কৰি চাব লাগে ৷

বেলেগ এখন ৰাজ্যৰ পৰা এটা সম্প্ৰদায় আহি অসমত থিতাপি ললেহি আৰু তেওঁলোকৰৰ উৎসৱ এটা জাকে-জমকেৰে পালন কৰিবলৈ ললে ৷ কিছু অসমীয়াই সেই জাক-জমকতাত ভুলগৈ তাত যোগ দিলেগৈ আৰু জিলিক-জালাক লাইটৰ পোহৰৰ আগত এতিয়া তুলসী তলৰ মাটি চাকি গছিও এলাগী হৈ ৰ’ল ৷ কিন্তু সেই অনাঅসমীয়া লোকসকলৰ কিমানজনে অসমীয়া বিহু কেইটা পালন কৰে বাৰু ?

এতিয়া আকৌ আমাৰ মাজৰ এচামে নিজকে হিন্দু বুলিহে পৰিচয় দিয়ে, অসমীয়া বুলি নহয় ৷ সেয়ে তেওঁলোকে বোলে সকলো হিন্দু উৎসৱ পালন কৰিব ৷ তেওঁ লোকৰ গাত অৱশ্যে দোষ নাই, কাৰণ এয়া পৰিবৰ্তনৰ ফল ৷ কিন্তু নিজৰ জাতীয় ঐতিহ্যক পাহৰি, জাতীয় সংস্কৃতিক এলাগি কৰি আনক অনুকৰণ কৰিবলৈ গলে যে এদিন নিজৰে পৰিচয় হেৰাব সেয়া চিৰসত্য ৷

কাৰোবাক New year বা ঈদৰ শুভেচ্ছা দিয়াটো বেয়া বুলি নাভাবোঁ, কিন্তু তুলসী তলত চাকি নজলাই গীৰ্জাত মম জলোৱা অসমীয়া জনক আৰু কি বুলি কম ?

আনৰ সংস্কৃতিক সন্মান কৰক, নিজৰ সংস্কৃতিক সভ্য ভাৱে পালন কৰক আৰু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ শিকক, নহলে অসমত অসমীয়াগিৰী দুৰৰে কথা, উশাহ লবলৈও আনৰ অনুমতি লব লাগিব ৷

নিজৰ সংস্কৃতি সভ্য ভাৱে পালন কৰাৰ কথা এইকাৰণেই উল্লেখ কৰিলোঁ যে আমাৰ মাজৰেই কেইজনমানৰ গাত বিহু, পুজা আদিৰ প্ৰভাৱ অলপ বেছিকৈয়ে পৰে ৷ সেয়ে কেইঢোক মান ৰঙাপানী গলাধকৰণ কৰি নিজকে সৱল কৰি লৈ নাকি চিঙা দমৰা গৰুৰ দৰে আচৰণ কৰে ৷ ৰাষ্টাটোক নিজৰ বাপেকৰ সম্পত্তি আৰু বাইক খনক স্বৰ্গৰথ বুলি ভাৱে ৷ আৰু বিহু পাৰ হৈ যোৱাৰ পাছত কাৰোবাৰ আগদাঁত নাথাকে, কাৰোবাৰ নাক গাল ক’লা পৰে, হাত-ভৰিৰ অৱস্থা নাইকিয়া হয় ৷ গতিকে…

আজিকালি গাৱঁৰ ডেকাবোৰক ল’গ নোপোৱা হ’লো ৷ কোনোবা বোলে বেংলো (বাঙ্গালোৰ) গ’ল, কোনোবা চেন্নাই গ’ল আৰু গাৱঁৰ খেতি মাটি কেইদৰা উকা হৈ পৰি ৰ’ল ৷ টকা লাগে কিন্তু ঘৰত বা গাৱঁত কাম নকৰে ৷ হাল বাবলৈ, কোৰ মাৰিবলৈ লাজ কৰে কিন্তু বাংগালোৰত গৈ বহিৰাগতৰ চৰ কিল খাই আনে খোৱা বাচনবৰ্তন ধোৱেগৈ ৷ এনেকৈ আৰু অসমীয়াগিৰী কিমান দিন বৰ্তি থাকিব ?

বহিঃৰাজ্যৰ পৰা অহা অনাঅসমীয়াই অসমত আহি থিতাপি ললেহি ৷ প্ৰথমে ছয় ফুট দীঘল-বহল কোঠা এটাতে ব্যৱসায় আৰম্ভ কৰি এবছৰৰ পাছতে দেখিব কাষতে থকা অসমীয়া জনৰ পৰা মাটি একঠা কিনি লৈ তাত তিনি মহলাৰ চুপাৰ মাৰ্কেট খুলিব ৷ আৰু মাটি বিক্ৰী কৰা অসমীয়া জনে সেই চুপাৰ মাৰ্কেট খনতে চকীদাৰ নাইবা দাৰোৱান হ’ব ৷ বহিৰাগতই অসমীয়াৰ বজাৰ দখল কৰিলে, ব্যৱসায় দখল কৰিলে, লাহে লাহে পথাৰ দখল কৰিব ৷ কিন্তু অসমীয়া ডেকাই অসমত কাম বিচাৰি নাপায় ৷ নিজকে নিবনুৱা বুলি পৰিচয় দিয়ে আৰু জীৱনৰ সোণালী সময়বোৰ পাৰ কৰে তিনিআলিৰ আদ্দাত নাইবা চিগাৰেটৰ ধোঁৱাত ৷ য’ত অসমীয়াগিৰীৰ শ্মশানযাত্ৰা আৰম্ভ হয় ৷

নিজকে অসমীয়া, লোকেল (থলুৱা) হয় বুলি আনক দম দিয়া, কথাই কথাই ৰাষ্টাত টায়াৰ জলাবলৈ অহা ডেকাৰো অভাৱ নাই এই মুলুকত ৷ পিছে সেই লোকেল অসমীয়া জনে মাৰোৱাৰী বা বিহাৰী সম্প্ৰদায়ৰ লোক জনৰ দোকানত গৈ হিন্দীতহে বস্তুৰ দৰ দাম মাৰেগৈ ৷ লগতে, “বুজিছেনে মোৰ ল’ৰাটোৱে আক’ অসমীয়া ক’বই নাজানে নহয়, ইংলিছতহে কথা পাতে” বুলি ফিতাহি মৰা ইংৰাজী সাহিত্যৰ সমৰ্থক সকল আছেই ৷

এশ এবুৰি সমস্যাৰে জৰ্জড়িত এই অসম মুলুক ৷ বিদেশীৰ বোজা, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগ, আৰ্থসামাজিক সমস্যা, ৰাজনৈতিক দুৰ্বলতা, আৰু বহুতো ৷ এনে ভিন্ন সমস্যাৰে আক্ৰান্ত অসমত অসমীয়াৰ যদি এনে মনোভাৱ থাকে তেন্তে অসমত অসমীয়াগিৰী চলিবই বুলি চিঞৰি থাকিলেই জানো অসমীয়া জাতি জীয়াই থাকিব ? নে ৰাজপথত ধৰ্ণা দিলেই বা টায়াৰ জলালেই সকলো সমস্যাৰ সমাধান ওলাব ?

আচলতে অনাঅসমীয়া এজনক ভয় ভাবুকি দিয়া, নিজৰ দাবী উত্থাপনৰ বাবে টায়াৰ জলোৱা, সুৰামত্ত হৈ নিজকে সকলোৰে ওপৰত বুলি ভবাই অসমীয়াগিৰী নহয় ৷ অসমীয়াগিৰী তেতিয়াহে বৰ্তি থাকিব যেতিয়া অসমীয়া স্বাৱলম্বী হ’ব, আধুনিক শিক্ষাৰে শিক্ষিত হৈ অনাঅসমীয়া জনৰ লগত ফেৰ মাৰি বজাৰ দখল কৰিব, সমাজৰ সকলো পৰ্যায়ৰ কাম সমুহ বিনা দ্বিধাৰে কৰিবলৈ অসমীয়া যুৱক আগবাঢ়ি আহিব, ৰাজপথৰ বিপ্লৱতকৈ সেউজ বিপ্লৱত অধিক গুৰুত্ব দিব, আধুনিক পদ্ধতিৰে এডৰা মাটিত বছৰত তিনিবাৰকৈ খেতি কৰিব ৷

অসমীয়াগিৰী তেতিয়াহে কৰিব পাৰিব যেতিয়া অসমীয়াৰ শিক্ষাৰ হাৰ বাঢ়িব, অসমীয়াই নিজৰ সংস্কৃতি, ভাষা, সাহিত্যক সন্মান আৰু আদৰ কৰিব, যেতিয়া অসমীয়া আমোলা বিষয়াই টেবুলৰ তলেদি ঘোচ লোৱাৰ নিয়ম এৰিব, যেতিয়া অসমৰ ৰজাঘৰীয়াই কেন্দ্ৰৰ ওচৰত মূৰ দোঁৱাবলৈ এৰিব ৷ 

। জয় আই অসম ।

Leave a comment

Your email address will not be published.

6 + six =