How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

Here is a step-by-step guide on how you can type Assamese on an Android Mobile using Lachit App.

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

How to type Assamese on Android Mobile?

এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ

How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া লিখিব বিচাৰে যদিও সফল হ’ব পৰা নাই । আজিৰ এই লেখাটোত লাচিত নামৰ এপ বা ছফ্‌টৱেৰ (Lachit Assamese Keyboard App) এটাৰ সহায়ত স্মাৰ্টফোনত বা মোবাইলত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ বিষয়ে কিছু লিখা হৈছে ।

Lachit Keyboard ব্যৱহাৰ কৰি মোবাইলত অসমীয়া কেনেকৈ লিখিব
মোবাইলত অসমীয়া আখৰ কেনেকৈ লিখিব

Write Assamese on Mobile phone using Lachit Keyboard:

বৰ্তমান সময়ত বিভিন্ন স্মাৰ্টফোন, বিশেষকৈ এণ্ড্ৰইড মোবাইল (Android Mobile) একোটা আমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে । এই ইলেইট্ৰনিক আহিলা (Electronic Gadget) বিধৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে, ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ (Messenger) ব্যৱহাৰ আদিৰ বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ যদিওবা এই স্মাৰ্টফোন বোৰৰ প্ৰধান ভাষা ইংৰাজী, তথাপিও এই সমুহত প্ৰায়বোৰ আঞ্চলিক ভাষা লিখিব পাৰি ৷ অৱশ্যে তাৰ বাবে প্ৰয়োজনীয় Software টো ফোনটোত Install কৰি লব লাগিব অৰ্থাত ফোনটোত ৷

মোবাইলত অসমীয়া কেনেকৈ লিখিব ?

আজিৰ লেখাটোত এণ্ড্ৰইড স্মাৰ্টফোন (Android Smartphone) বা এণ্ড্ৰইড মোবাইলত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰে এটা আভাস দিয়া হৈছে ৷ এণ্ড্ৰইড মোবাইলত অসমীয়া আখৰ টাইপ কৰিবৰ বাবে বৰ্তমান কেইবাটাও কী ব’ৰ্ড ছফট্‌ৱেৰ (Software) পোৱা যায় ৷ তাৰে ভিতৰত এটা অতি উন্নতমানৰ Software হ’ল “লাচিত” (ইংৰাজীত Lachit Assamese Keyboard or Lachit Keyboard)। এই “লাচিত” অসমীয়া কী ব’ৰ্ড ছফট্‌ৱেৰটো এটা উন্নত মানৰ ফলপ্ৰসূ আৰু আতি সৰু আকাৰৰ (মাত্ৰ প্ৰায় 150 kb size) ছফট্‌ৱেৰ । এই ছফট্‌ৱেৰ টোৰ নিৰ্মাতা হ’ল মৃদুল কুমাৰ শৰ্মা ৷ লাচিত অসমীয়া কী ব’ৰ্ড ছফট্‌ৱেৰটোৰ সহায়ত সকলো অসমীয়া আখৰ অতি সহজে লিখিব পাৰি। লাচিত ছফট্‌ৱেৰটো আপুনি আপোনাৰ ফোনত “Google Playstore” ৰ পৰা পোনপটীয়াভাৱে স্থাপন (Install) কৰিব পাৰিব । এই অসমীয়া কী-ব’ৰ্ড খনৰ নিৰ্মাতা হ’ল মৃদুল কুমাৰ শৰ্মা

Lachit Assamese Keyboard লাচিত অসমীয়া কী ব'ৰ্ড
Lachit Assamese Keyboard App

এই লাচিত অসমীয়া কী ব’ৰ্ড ছফট্‌ৱেৰ (Lachit Assamese keyboard software) টোৰ *user interface অতি সৰলভাৱে নিৰ্মাণ কৰা হৈছে ৷ ব্যৱহাৰকাৰীয়ে অতি সহজে ইয়াত লিখাৰ ধৰণ (input style) টো সলনি কৰি (অসমীয়াৰ পৰা ইংৰাজী বা ইংৰাজীৰ পৰা অসমীয়া) অসমীয়া আৰু ইংৰাজীত আখৰ লিখিব পাৰে ৷ এই Assamese Keyboard খনত সচৰাচৰ বেচিকৈ ব্যৱহাৰ হোৱা আখৰ সমুহ একে ঠাইতে সজাই তোলা হৈছে যাতে লিখোঁতা জনে অতি সহজে আখৰ সমুহ বিচাৰি লব পাৰে ৷

[xyz-ihs snippet=”KDas-responsive-in-post”]

লাচিত কীবৰ্ড খনৰ বৈশিষ্ট সমুহ হ’ল (Features of Lachit Assamese Keyboard:) 

  • অতি সৰু আকাৰ (Only 1 MB or approx)
  • সহজে লিখা ভাষাটো সলনি কৰি লব পাৰি ,
  • প্ৰায়বোৰ বোৰ Android Smart Phone ত ব্যৱহাৰ যোগ্য,
  • পুৰ্ব নিৰ্মিত যুক্তাক্ষৰ
  • পুৰ্ব নিৰ্মিত শব্দ যোগান
  • সহজে বুজিব পাৰি
  • কোনো অশান্তি দায়ক বিজ্ঞাপন নাই 

এই সমূহৰ লগতে আৰু বহু সুবিধা এই Lachit Anglo Assamese Keyboard খনত পোৱা যায় ৷

অসমীয়া লিখাৰ নিয়ম:

এতিয়া চাঁও আহক এই লাচিত কী ব’ৰ্ডৰ সহায়ত অসমীয়া কেনেদৰে লিখিব । কিন্তু তাৰ আগতে জানি লওক এই কী-ব’ৰ্ডখন আপোনাৰ মোবাইলত কেনেদৰে সংস্থাপন (Install) কৰিব?

লাচিত কী ব’ৰ্ড কেনেদৰে Install কৰিব ?

লাচিত কীবৰ্ড খন সক্ৰিয় কৰিবলৈ (Activate) হলে প্ৰথমে তলৰ লিংক্‌ টোৰ পৰা লাচিত কীবৰ্ড খন ডাউনলোড কৰি ম’বাইল ফোনত Install কৰি লওক ৷ তাৰ পিছত ম’বাইল ফোনৰ Settings অত গৈ Language & Input অত ক্লিক কৰক ৷ এতিয়া Keyboard and input option টোৰ তলতে থকা Current keyboard option টোত ক্লিক কৰি তাৰ “Choose keyboards” option অত ক্লিক কৰি “Lachit” select কৰক ৷ (অৱশ্যে বেলেগ বেলেগ ফোনত settings টো সামান্য বেলেগ হব পাৰে ৷)


[পঢ়িবলৈ নাপাহৰিব]

কম্পিউটাত, ফেচবুকত, ইণ্টাৰনেটত অসমীয়া কেনেকৈ লিখিব

Pi Cryptocurrency ৰ বিষয়ে কিছু কথা জানো আহক

কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ

অসমীয়া বিপৰীত শব্দৰ তালিকা

অসমীয়া গানৰ Lyrics


লাচিত কীবৰ্ড খনত লিখাৰ প্ৰক্ৰিয়া অতি সহজ ৷ এটা কথা মন কৰিব যে স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ মিলাই সৰ্বমুঠ অসমীয়া আখৰ হ’ল ৫৪ তা, কিন্তু একোটা ম’বাইল ফোনত ‘কী’ (Key, button) ৰ সংখ্যা অসমীয়া আখৰৰ তুলনাত যঠেষ্ট কম থাকে । সেয়েহে অসমীয়া আখৰ লিখিবলৈ ব্যৱহাৰ কৰা কী ব’ৰ্ড ছফট্‌ৱেৰৰ প্ৰতিটো ইংৰাজী আখৰ আৰু আন চিহ্ন থকা Key ৰ বিপৰীতে দুটাকৈ অসমীয়া আখৰ থাকে । তাৰে এটা আখৰ দৃশ্যমান হৈ থাকে আৰু আনটো উহ্য হৈ থাকে । যদি উহ্য হৈ থকা আখৰটো চাব বিচাৰে তেন্তে Shift কী (ওপৰ মুৱাকৈ থকা কাঁড় চিনটো, তলৰ চিত্ৰত দেখিওৱা হৈছে) টো এবাৰ টিপি দিলেই হ’ল । 

[xyz-ihs snippet=”KDas-responsive-in-post”]

অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখিব ?

যেনে, ইংৰাজী “K” আখৰ থকা Key টোত অসমীয়া ‘ক’ আৰু ‘খ’ দুয়োটা আখৰ আছে । এতিয়া ‘ক’ আখৰ টো লিখিবলৈ হলে ‘ক’ টোৰ ওপৰত সামান্য ভাৱে চুই (Touch) দিব লাগে, আনহাতে ‘খ’ আখৰ টো লিখিবলৈ হলে ‘ক’ টোৰ ওপৰত কিছু সময় টিপি ধৰি থাকিব লাগে ৷

আনহাতে অসমীয়া যুক্তাক্ষৰ লিখিবলৈ হলে, দুটা বা ততোধিক আখৰ যুক্ত কৰি লিখিব লাগিব । তাৰ বাবে প্ৰথম আখৰটো লিখি ‘লিংক কী (Link key)’ (অৰ্থাত এই চিনটো ্ ) টো টিপি পাছৰ আখৰটো লিখিব লাগে ৷ কী ব’ৰ্ডখনৰ একেবাৰে ওপৰৰ শাৰীৰ সোঁফালৰ পৰা প্ৰথম আখৰটো হ’ল লিংক কী (তলৰ চিত্ৰত লিংক কী টো দেখুওৱা হৈছে)

যেনে: ‘শ্ৰী’ টো লিখিবলৈ হলে –
প্ৰথমে ‘শ’ টো লিখি লিংক কী টো টিপি ‘ৰ’ আৰু ‘ ী’ টিপিব লাগে ৷
(শ্ৰী= শ + ৰ ী)
অৰ্থাৎ, শ্ৰী= শ ্ ৰ ী

‘বস্ত্ৰ’ শব্দটো লিখিবলৈ হলে –
প্ৰথমে  তাৰ পাছত টো লিখি লিংক কী টো টিপি টো লিখি আকৌ লিংক কী টো টিপি লিখিব লাগে ।

(বস্ত্ৰ= বস +ত + ৰ)
অৰ্থাৎ, বস্ত্ৰ= বস ্‌ ত ্‌ ৰ

আৰু ‘ক্ষ’ টো যদি লিখিব পৰা নাই, তেন্তে ” ক + ষ ” (ক ্ ষ) টাইপ কৰক ৷

Functions of Lachit Assamese Keyboard
লাচিত কী ব’ৰ্ডৰ কাৰ্যপ্ৰণালী

ওপৰৰ ছবিত লাচিত কী ব’ৰ্ড খনৰ কিছুমান ‘কী’ৰ কাৰ্যপ্ৰণালী  আৰু ব্যৱহাৰ দেখুওৱা হৈছে । যেনেঃ

Shift Key: কী ব’ৰ্ড খনত উহ্য হৈ থকা আখৰটো চাবৰ বাবে

Number and Symbol key: সংখ্যা আৰু প্ৰতীক (Symbol) সমুহ চাবৰ বাবে ।

English Letter key: অসমীয়াৰ সলনি ইংৰাজী আখৰ লিখিবৰ বাবে

Spacebar: শব্দৰ মাজত খালীঠাই দিবলৈ

Enter key: এটা শাৰীৰ পৰা তলৰ শাৰীলৈ যাবলৈ 

Backspace: কোনো আখৰ বা শব্দ মোহাৰিবলৈ 

Link key: আখৰ যুক্ত কৰিবলৈ 

লাচিত কীব’ৰ্ড ডাউনলোড কৰিৱলৈ তলৰ লিংকত ক্লিক কৰক:

DOWNLOAD LACHIT KEYBOARD

User interface মানে কি (What is User interface):

*User interface (UI): ইউজাৰ ইন্টাৰফেচ মানে হ’ল কম্পিউটাৰ বা ম’বাইলৰ সেই স্থান য’ত মানুহ আৰু যন্ত্ৰৰ মাজত পাৰস্পৰিক ক্ৰিয়া সংঘটিত হয় । যেতিয়া আমি কম্পিউটাৰ বা ম’বাইলত কোনো এটা ছফট্‌ৱেৰ ব্যৱহাৰ কৰোঁ, আমি বা ব্যৱহাৰকাৰী জনে ছফট্‌ৱেৰটো বুজি লৈ সেইটো চলাব বা নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা । অৰ্থাৎ, ছফট্‌ৱেৰটো খুলাৰ পিছত আমি কম্পিউটাৰ বা ম’বাইলৰ স্ক্ৰীনত ছফট্‌ৱেৰটোৰ এখন আন্তঃপৃষ্ঠ দেখা পাওঁ, য’ত ছফট্‌ৱেৰটো চলোৱাৰ নীতি নিৰ্দেশনা থাকে, তাত বিভিন্ন কী থাকে, Option সমুহ থাকে । সেই সমুহ বুজি লৈ ছফট্‌ৱেৰটো চলাব পৰা ব্যৱস্থাই হ’ল User interface.

“মোবাইলত অসমীয়া কেনেকৈ লিখিব পাৰি” এই লেখাতো পঢ়ি ভালপালে বা আপোনাৰ কিছু সহায়ক হলে Share কৰিবলৈ নাপাহৰিব, যাতে আন দুজনৰো সহায় হয় ।

Related Posts

Leave a Comment

 

Share to: