Mukuta Mukuta Amare Mon Lyrics | মুকুতা মুকুতা আমাৰে মন 

Mukuta Mukuta Amare Mon (মুকুতা মুকুতা আমাৰে মন):

মুকুতা মুকুতা আমাৰে মন শীৰ্ষক গীতটি জুবিন গাৰ্গ অভিনীত ৰৈ ৰৈ বিনালে নামৰ চলচিত্ৰ খনৰ এটা সুন্দৰ শিশু গীত৷ শিশু সকলৰ মন আৰু চিন্তাধাৰাক প্ৰতিফলিত কৰা গীতটি জুবিন দাই লিখাৰ লগতে সুৰ কৰিছে ৷ এই গীতটি কণ কণ শিশু সকলক শিকোৱাত সহায়ত হোৱাকৈ গানটোৰ lyrics হুবহু তুলি দিয়াৰ চেষ্টা কৰা হৈছে ৷ অনাকাংক্ষিত ভাৱে যদি কোনো শব্দৰ ভুল ৰৈ গৈছে, সেয়া শুধৰাই দিয়ে যেন ৷

  • Movie : Roi Roi Binale (ৰৈ ৰৈ বিনালে)
  • Singer : Zubeen Garg (জুবিন গাৰ্গ ) & Student Of Abhinaya
  • Lyrics and Composition : Zubeen Garg (জুবিন গাৰ্গ )

Here is the complete lyrics of the song Mukuta Mukuta from the movie Roi Roi Binale-

মুকুতা মুকুতা আমাৰে মন Lyrics in Assamese:

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

মুকুতা মুকুতা আমাৰে মন,
কবিতা কবিতা এই জীৱন

পোহৰ পিয়াসী আমাৰে মন,
জাউতি যুগীয়া আমিয়েই ধন

জুনুকা জুনুকা চন চন চন চন,
নাচি বাগি ফুৰে সেউজী মন

মুকুতা মুকুতা আমাৰে মন,
কবিতা কবিতা এই জীৱন

Music…

ফুলে ফুলে উৰি ফুৰোঁ,
সুবাসী মলয়া হৈ
প্ৰাণে প্ৰাণে নাচি ফুৰোঁ,
গোলাপী মৰম হৈ

যুগে যুগে আমি আহোঁ,
মৰমৰে ঢল হৈ
খোজে খোজে আগবাঢ়োঁ,
নতুনৰে সাহ হৈ

জুনুকা জুনুকা চন চন চন চন,
নাচি বাগি ফুৰে সেউজী মন

মুকুতা মুকুতা আমাৰে মন,
কবিতা কবিতা এই জীৱন

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

তাৰা ৰাম পাম, তাৰা ৰাম পাম,
পাম পাম পাম পাম

Mukuta Mukuta Amare Mon Lyrics in English Script

Below is the Mukuta mukuta song lyrics written using English scripts.

Tara Ram Pam, Tara Ram Pam,
Pam Pam Pam Pam
Tara Ram Pam, Tara Ram Pam,
Pam Pam Pam Pam

Tara Ram Pam, Tara Ram Pam,
Pam Pam Pam Pam
Tara Ram Pam, Tara Ram Pam,
Pam Pam Pam Pam

Mukuta Mukuta Amare Mon,
Kobita Kobita Ei Jibon
Puhor Piyaxi Amare Mon,
Jauti Jugiya Amiei Dhon

Junuka Junuka Chon Chon Chon Chon,
Nasi Bagi Phure Xeuji Mon
Mukuta Mukuta Amare Mon,
Kobita Kobita Ei Jibon

Music…

Phule Phule Uri Phuru,
Xubaxi Moloya Hoi
Prane Prane Nasi Phuru,
Gulapi Morom Hoi

Juge Juge Ami Ahu,
Moramore Dhol Hoi
Khuje Khuje Aagbarhu,
Natunore Xah Hoi

Junuka Junuka Chon Chon Chon Chon,
Nasi Bagi Phure Xeuji Mon
Mukuta Mukuta Amare Mon,
Kobita Kobita Ei Jibon

Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam
Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam

Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam
Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam

Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam
Tara Ram Pam, Tara Ram Pam, Pam Pam Pam Pam

Mukuta Mukuta Amare Mon Lyrics
Screenshot from the official video of Mukuta Mukuta Amare Mon

Leave a Comment

 

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি

Mur Kobitar Chanda Lagi (Rabha Sangeet)

গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?

মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?

[Popular Lyrics: মুকুতা মুকুতা আমাৰে মন– জুবিন গাৰ্গ]

নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে
নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি হিয়াত নাচোন উঠেনে?
হিয়াত নাচোন উঠেনে?
কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?

ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাঁহী মোৰ
ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাত কৰি লৈ পৰিবনে হিয়া জুৰ ?
সেই সুৰতেই শাত কৰি লৈ পৰিবনে হিয়া জুৰ ?
ছেৱে ছেৱে ফুলে ফুল, গোন্ধতে আমোল-মোল
ছেৱে ছেৱে ফুলে ফুল, গোন্ধতে আমোল-মোল
সেই ছেৱতেই পুলক জগাই এবাৰ হিয়াই নাছেনে ?
এবাৰ হিয়াই নাছেনে ?
কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?
ভাগেনে, ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?

মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে
ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?

DOWNLOAD LYRICS

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

পৰজনমৰ শুভ লগনত
নাহৰ ফুলে নুশুৱাই
জয়া নাই
আজি মন্দিৰ দুৱাৰ খোলা
লগন উকলি গ’ল
Kuruwa Botahe O

প্ৰতিধ্বনি শুনো মই

Mur Kabitar Sanda Lagi Rabha Sangeet Lyrics.

Lyrics of Rabha Sangeet Mur Kobitar Chanda Lagi
Lyricist- Kolaguru Bishnu Prasad Rabha
Category- Rabha Sangeet
Language- Assamese

Related Songs

মোৰ কবিতাৰ ছন্দ লাগি Mur Kabitar Chanda Lagi Lyrics
মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics

Leave a Comment

 

অসমীয়াত মাটিকালি হিচাপ কৰা BhuMiti Land Calculator App (ভূমিতি এপ)

BhuMiti (ভূমিতি) Assamese Land Calculator

বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয়  আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে ।

BhuMiti - অসমীয়াত মাটিৰ হিচাপৰ Calculator

মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি মাটি ডৰাৰ সঠিক দৰ-দাম নাপাব পাৰোঁ বা কিনাৰ সময়তো অধিক ধন ভৰিব লগীয়া হয়। আৰু এই জোখ-মাখ খিনি কলমেৰে লিখি কৰিবলৈ কিছু জতিল আৰু কেতিয়াবা 1 লেচা, আধা লেচা বা 1/4  লেচা আদি সৰু সৰু পৰিমান সমূহ সঠিককৈ ওলিৱাৰ ক্ষেত্ৰত জতিলতা আহে । আনহাতে বৰ্গ বা আয়তাকাৰ মাটি জুখিবলৈ সহজ যদিও চাৰিওদিশ অসমান মাটিৰ জোখত প্ৰায়ে খেলিমেলি হোৱা দেখা যায় । এই জতিলতা আৰু অসুবিধা সমূহ দুৰ কৰি যিকোনো আকাৰৰ মাটিৰ হিচাপ তৎক্ষনাত ওলিয়াবলৈ বনোৱা হৈছে BhuMiti (ভূমিতি) Land Calculator App.

BhuMiti (ভূমিতি) এপ ব্যৱহাৰৰ বাবে ইয়াত ক্লিক কৰক

মোবাইল, টেবলেট, লেপটপ, ডেক্সটপ কম্পিউটাৰ আদি সকলোতে সহজে মাটিৰ পৰিসৰ বা ক্ষেত্ৰফল নিৰ্ণয় কৰিব এই BhuMiti (ভূমিতি) এপটোৱে অতি ক্ষিপ্ৰতাৰে আৰু সঠিককৈ উত্তৰ দিব পাৰে । সেয়া লাগিলে আয়তাকাৰ ক্ষেত্ৰই (Rectangular Field) হওক বা বৰ্গাকাৰ ক্ষেত্ৰই হওক, বৃত্তাকাৰ (Circular field) পথাৰেই হওক বা ত্ৰিভূজ (Triangle) আকাৰৰ মাটিয়েই হওক, পৰিসীমাটো নল বা ফিটাৰে জুখিলৈ এপটোৰ যথা স্থানত সেই পৰিমান সমূহ ভৰাই দিয়াৰ লগে লগে মাটি ডৰাৰ ক্ষেত্ৰফল বিঘা, কঠা বা লেচাত ওলাই পৰিব । এই ভূমিতি এপটোৰ প্ৰধান বৈশিষ্ট হ’ল, ইয়াক অসমত ব্য়ৱহৃত অসমীয়া মাটিৰ জোখৰ একক সমুহ support কৰাকৈ নিৰ্মাণ কৰি তোলা হৈছে । ভূমিতিৰ দৰে আন এটা প্ৰয়োজনীয় এপ হ’ল ঘনমিতি (GhanaMiti), যাৰ সহায়ত বিভিন্ন ক্ষেত্ৰৰ ঘনফল নিৰ্ণয় কৰিব পাৰি ।

Must See: অসমীয়া AI Chat এপ ‘প্ৰজ্ঞা AI’

BhuMiti (ভূমিতি): Land Measurement in Assamese Traditional Units.

আমাৰ পৰম্পৰাগত কেলকুলেটৰ এপ (Calculator App) বা কেলকুলেটৰ যন্ত্ৰ সমূহত কিছু পৰিমানে মাটিৰ হিচাপ কৰিব পৰা যায় যদিও ইয়াত মাত্ৰ Foot, Meter, Centimeter, Inch আদি এককতহে জোখবোৰ ভৰাব পাৰি আৰু ঠিক তেনেদৰেই Square Feet, Square Meter আদিত উত্তৰবোৰ পদৰ্শিত হয় । BhuMiti (ভূমিতি) Land Measurement App টোৰ জৰিয়তে এই অসুবিধা সমূহ দূৰ কৰি অসমীয়া পৰম্পৰাগত মাটি জোখাৰ একক সমূহ যেনে নল (Nal), বিঘা (Bigha), কঠা (Katha), লেচা (Lecha) ব্যৱহাৰ কৰি মাটিৰ কালি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে । এই পৰম্পৰাগত একক সমূহৰ উপৰিও ইয়াত ফুট, মিটাৰ, ইঞ্চি, চেন্টিমিটাৰ আদি এককেৰে মাটিৰ চাৰিসীমা ভৰোৱা আৰু বৰ্গফুট, বৰ্গমিটাৰ, হেক্টৰ আদি এককত ক্ষেত্ৰফল জোখাৰ ব্যৱস্থা আছে ।

BhuMiti App Default Interface
Interface of BhuMiti App

এই এপটোক আনএটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল যে, ইয়াত আপুনি মাটিৰ চাৰিসীমা নল, মিটাৰ, ফুট, ইঞ্চি আদিত একেলগে ভৰাব পাৰিব । ধৰাহ’ল মাটিডৰাৰ কোনো এটা কাষৰ দীঘ 15 নল, 7 ফুট আৰু 10 ইঞ্চি । এই এপটোত জোখলোৱা ধৰণেই এই এককবোৰ যথাস্থানত ভৰাব পাৰিব । আৰু মাটিডৰাৰ কালি বা ক্ষেত্ৰফল প্ৰকাশ কৰাৰ সময়টো এপটোৱে বিঘা, বৰ্গ ফুট, হেক্টৰ আদিত পৃথকে পৃথকে পৰিমান সমূহ প্ৰকাশ কৰে ।

এই কেলকুলেটৰ এপটোত এটা Converter বা ৰূপান্তৰকো সংলগ্ন আছে যাৰ জৰিয়তে আপুনি এটা একক আন এটা এককলৈ অতি সহজে কনভাৰ্ট বা ৰূপান্তৰ কৰিব পাৰিব । ধৰক আপোনাৰ 16 বিঘা মাটি আছে, সেয়া হেক্টৰলৈ নিব লাগে হেক্টৰত প্ৰকাশ কৰিব লাগে অথবা কঠা বা বৰ্গফুটত প্ৰকাশ কৰিব লাগে, তেতিয়া BhuMiti Converter টোত ক্লিক কৰি আপুনি বিচৰা ধৰণে মাটিৰ পৰিমানটো ভৰাই দিব আৰু দেখিব যে বিঘাৰ পৰা কঠালৈ বা অপুনি বিচৰা এককত মাটিৰ পৰিমানটো প্ৰকাশ পাইছে ।
ইয়াৰ লগতে এই Converter টোত নলৰ পৰা ফুট, মিটাৰ ইঞ্চি নাইবা ফুট, মিটাৰ ইঞ্চি, চেণ্টিমিটাৰৰ পৰা নল বা আন প্ৰয়োজনীয় এককলৈ ৰূপান্তৰ কৰাৰ সহজ ব্যৱস্থা আছে ।

BhuMiti (ভূমিতি) এপ ব্যৱহাৰৰ বাবে ইয়াত ক্লিক কৰক

ইয়াৰোপৰি এই এপটোত পদৰ্শিত হোৱা উত্তৰ সমূহ কপি (Copy) কৰিব পৰা ব্যৱস্থা আছে আৰু ভৱিষ্যত ব্যৱহাৰৰ বাবে মাত্ৰ এটা ক্লিক কৰি Save কৰাৰ সুবিধাও আছে । লগতে ইয়াত ইতিপূৰ্বে কৰি অহা জোখ-মাখৰ ফলাফল (History) চাব পৰা ব্যৱস্থা আছে । এই অসমীয়া জোখেৰে মাটি হিচাপ কৰা BhuMiti (ভূমিতি) calculator এপটোত মাটিৰ কালি নিৰ্ধাৰণ কৰাত প্ৰয়োজনীয় সকলোদিশ সাঙুৰি লোৱাৰ চেষ্টা কৰা হৈছে । অৱশ্যে এই এপটো বৰ্তমান চালুকীয়া অৱস্থাতে আছে । গতিতে ইয়াত কিছু খুটি-নাটি ৰৈ যাব পাৰে । এইক্ষেত্ৰত আপোনালোকৰ দিহা-পৰামৰ্শ কামনা কৰিলোঁ ।

অসমীয়া মাটি জোখাৰ একক সমূহ আৰু সেইবোৰৰ মাজৰ সম্পৰ্ক:

  • ১ নল = ১২ ফুট = 144 ইঞ্চি
  • ১ বিঘা = ১০০ লেচা =৫ কঠা = ১৪৪০০ বৰ্গফুট
  • ১ কঠা = ২০ লেচা = ২৮৮০ বৰ্গফুট = এক বিঘাৰ ৫ ভাগৰ ১ ভাগ
  • ১ লেচা = ১৪৪ বৰ্গফুট = ১ বৰ্গনল (১২ ফুট * ১২ ফুট) = এক কঠাৰ ২০ ভাগৰ ১ ভাগ
  • ১ পুৰা = ৪ বিঘা = ২০ লেচা (অঞ্চলভেদে ভিন্ন হ’ব পাৰে)।
  • ১ একৰ = ৩ বিঘা ২.৫ লেচা (অসমীয়া লেখেৰে)
  • ১ হেক্টৰ = প্ৰায় ৭.৪৭৫ বিঘা = ১০৭৬৩৯ বৰ্গফুট।

 

 

Leave a Comment

 

Mayabini Ratir Bukut (মায়াবিনী ৰাতিৰ বুকুত) Lyrics

মায়াবিনী Lyrics

মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut) Lyrics:

  • কণ্ঠ (Voice): জুবিন গাৰ্গ
  • কথাছবি (Movie): দাগ ((২০০১)
  • সংগীত (Music): জুবিন গাৰ্গ
  • কথা (Lyrics) : জুবিন গাৰ্গ

Lyrics:

মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত,
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা

ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।

Music…

প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা।

ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।

Music…

দুচকুতে তোমাৰ চালে,
সপোন আতৰি দিঠক নামে।

চুব খুজিলেই মোৰ দুহাতে,
দিঠক আঁতৰি সপোন আহে ।

ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন

নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।

মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা ।।

Music…

Mayabini Ratir Bukut Lyrics in English:

Mayabini ratir bukut
Dekha palu tumar sobi
Dhora dila gupone aahi
Hiyar kunot

Tumi je mor hukan monot
Niyorore sesa tupal
Nami oha rodore noi
Mor dehot proti puwa…

Dhumuhar xote mur
Bahu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mor
Hekh hobo bhabu tumar bukut

Music…

Proti horotor probhati fule
Kobo tumakei mur kotha
Proti meghali nikha june
Kobo tumakei mur betha

Dhumuhar hote mur
Bohu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mur
Hekh hobo bhabu
tumar bukut

Music…

Dusokule tumar sale
Hopun aatori dithak name
Subo khujilei mur duhate
Dithakaatori hopun aahe.

Dhumuhar hote mur
Bahu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mur
Hekh hobo bhabu
tumar bukut

Mayabini ratir bukut
Dekha palu tumar sobi
Dhora dila gupone ahi
Hiyar kunot
Tumi je mur hukan monot
Niyorore sesa tupal
Nami oha rodore noi
Mur dehot proti puwa…

Music…

মায়াবিনী ৰাতিৰ বুকুত Mayabini Ratir Bukut Lyrics

Leave a Comment

 

জুবিনদা আৰু অসমীয়াৰ আবেগ

অসমীয়া বোৰ সঁচাকৈ আচৰিত আৰু লগতে অত্যধিক আবেগিক! নহয়নে ? নহলেনো এই কেইবা লাখ অসমীয়াই বিশ্বত অভিলেখ হোৱাকৈ নোখোৱা-নোবোৱাকৈ চাৰি-পাঁচদিনকৈ এজন মৃত ব্যক্তিৰ পাছে পাছে কান্দি কান্দি দৌৰি থাকেনে, কিমান আবেগিক বাৰু?

অসমৰ মুখ্যমন্ত্ৰীজন, যি জনৰ নিৰ্বাচন সমাগত, খাবলৈ-শুবলৈও তৰণি নাই ৷ সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ মৃতদেহ চমজি লোৱাৰ পৰা অন্তিম সৎকাৰ শেষ কৰালৈকে স্বয়ং ছাঁটোৰ দৰে লাগি আছে! নহয়নে বৰ আচৰিত ?

সেই পুলিচ বিষয়া কেইগৰাকী, যাৰ খাকী ৰঙৰ পোচাক যোৰ, ৰঙা চকু আৰু লাঠী ডাল দেখিলে সাধাৰণ লোকৰ মুখৰ মাত হেৰাই, তেনে পুলিচ বিষয়াই সৰু ল’ৰাৰ দৰে ফেঁকুৰি ফেঁকুৰি কান্দি কান্দি কৰ্তব্য কৰিছে ৷ কাৰোবাৰ প্ৰতি কিমান মৰম আৰু আবেগ থাকিলে এনেদৰে কৰ্তব্য কৰিবলগীয়া হয় বাৰু ?

যি সকল লোকে এইকেইদিন ঘৰত আছে, তেখেত সকল ? মাথোঁ টিভিত নাইবা ম’বাইলতে জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলিৰ দৃশ্যবোৰ চায় চায় চকুপানী টুকিছে, হুমুনিয়াহ কাঢ়িছে ৷ কোনেও একো কাম কৰিব পৰা নাই ৷ সময়ত খোৱা নাই, সময়ত শোৱা নাই ৷

কথাই কথাই জুবিনদাক সমালোচনা কৰা, গালি পৰা অসমীয়া কেইটা ক’ত হেৰালে আজি ? কিয় তেওঁলোকে জুবিনৰ নাম লৈ উচুপি আছে ? কিয় আবেগত উঠলি এতিয়া জুবিন গাৰ্গ অমৰ হওক বুলি চিঞৰি আছে ?

সন্ধিয়া তিনিআলিত চিগাৰেটৰ আদ্দা দিয়া নাইবা বিকট শব্দ কৰি বাইক চলোৱা ডেকা কেইটাই আজি কিয় চকু সেমেকা কৰি জুবিনদাৰ ফটোৰ আগত বন্তি জলাইছে ৷

জলি শেষহোৱা জুবিনদাৰ চিতাৰ কাষত কিহৰ বাবে হাজাৰ হাজাৰ লোকে বিনীদ্ৰ ৰাতি পাৰ কৰিলে ?

কলৈ গ’ল হিন্দুবোৰ, মুছলমান বোৰ, শাসক বোৰ, বিৰোধী বোৰ ? সকলোৱেই একেলগে আবেগিক অসমীয়া হোৱাৰ পৰিচয় দিলে ।

আমি অসমীয়াবোৰ কিয় ইমান আবেগিক বাৰু ?

আচলতে কাৰোবাৰ প্ৰতি কিমান মৰম আৰু আকুলতা থাকিলে মানুহ ইমান আবেগিক হ’ব পাৰে, প্ৰয়োজনত কাৰোবাক গালি পাৰিব পাৰে, প্ৰয়োজনত তেওঁৰ বাবেই চকুলো টুকিব পাৰে, জুবিন দাই তাকেই শিকাই থৈ গ’ল । প্ৰেম কি, মানৱ ধৰ্ম কি, টকাৰ ব্যৱহাৰ ক’ত কৰিব লাগে সেয়া জুবিনদাই শিকাই গ’ল ৷ মৰিও কেনেকৈ অমৰ হ’ব পাৰি সেয়া প্ৰমান কৰি গ’ল ৷ সকলোকে পুনৰবাৰ একত্ৰিত কৰি থৈ গ’ল। জুবিন দাৰ গান আৰু কণ্ঠই অসমীয়াৰ আবেগবোৰ আকৌ জাগ্ৰত কৰি গ’ল – কৌস্তুভ

কিন্তু এতিয়া এই আবেগৰ গতি সলনি কৰিবৰ হ’ল। যিয়ে আমাৰ মৰমৰ হাৰ্টথ্ৰ’ব জনক আমাৰ পৰা আঁতৰাই নিলে, এই আবেগৰ সুবিধা লৈ যিয়ে জুবিনদাক টকা ঘটাৰ উৎস হিচাপে ব্যৱহাৰ কৰিলে সিহঁতবোৰ যাতে কোনো ৰাজনৈতিক হস্তক্ষেপত কেতিয়াও সাৰি নাযায়, দোষীয়ে যেন উচিত শাস্তি পায় তাৰ বাবে এই আৱেগক প্ৰতিবাদলৈ ৰূপান্তৰ কৰিবৰ হ’ল ৷

জয় জুবিন দা
জুবিন দা অমৰ হওক ৷

#JusticeForZubeenGarg

Leave a Comment

 

The 15 Most Useful Browser Extensions for Productivity | Part-3

Useful Extensions for Chrome

This is the last part of the series of 15 best Google Chrome browser extensions, and in this blog, I am going to talk with you about another five best Chrome plugins or extensions. I have already published the first part and the second part of this series, where I discussed 10 very essential Chrome browser extensions that can help you to do more on Google Chrome.

Useful Extensions for Chrome

Five great Chrome browser extensions:

Let’s start the blog by writing about the first extension in today’s list.

Speed Dial [FVD] – ( Let’s you manage your bookmarks)

It’s always a better idea to keep frequently visited web addresses together in a place where you can access them directly whenever you open the browser or start a new tab in the browser. Google Chrome itself provides this feature to its users. Chrome browser also displays the frequently visited website address on its home page, but it is very limited. Therefore, you can use the most used speed dial manager extension called “Speed Dial [FVD]”  from the web store. Speed Dial [FVD] lets you customize the home page of your browser. It replaces the default Tab Page with 3D predefined image shortcuts, sync and organizes your saved bookmarks, most visited pages, etc to help you access them easily.

This tool allows you to customize your bookmarks and lets you create pre-defined speed dials. You can also make a group of bookmarks of the same topic and can mane the group accordingly. It has several features, such as creating visual bookmarks, listing the most visited site for quick access, Grouping different sites of the same subject, syncing your bookmarks between different computers, searching and locating your required URL among many bookmarks easily.

Download FDV Speed Dial, website: fvdspeeddial.com

Note Board – Sticky Notes App (Create sticky notes easily)

Note Board is a productivity Chrome extension developed by Oscapps. This app allows you to do several tasks, such as write and save sticky notes, type notes to read later, attach any file to the notes, capture screenshots of webpages and save,  capture any web content easily, capture anything using a webcam, save for later use, insert any pre-loaded shapes in the dashboard connect, etc.

It provides you with a tabbed dashboard where you can keep your notes, files, screenshots, etc. In that dashboard, you can easily resize and rotate the sticky notes by dragging and drawing. There are several other features of sticky notes, like viewing or editing the sticky note in full-screen mode, sharing notes, copying notes to the clipboard, creating a clone of notes instantly, etc.

Overall, it is a very useful tool for those who always love to save useful content of a webpage, paragraphs, images, links and also like to access them often. You can visit the Note Board home page here or add it directly to your Chrome browser using the download link below.

Download Note Board

Speechify for Chrome (Don’t have to read, just listen)

Sometimes it’s better to listen than read, and it’s even better when you can listen to the website you’ve opened in your browser, including your email. Speechify for Chrome is such an extension that helps you listen to any website’s content, like blogs, Wikipedia pages, news articles, etc. It is even capable of reading your emails loudly or texts of a PDF file that you have opened in your browser. It has a useful feature that highlights the sentence while reading to help you follow the sentence along as you listen.

Using this software, you can listen to anything, like webpage contents, PDF files in the browser, Gmail, Google Docs, etc. And the app also highlights the sentence while playing the voice, and the sounds are almost natural to hear. It lets you customize the reading speed, and you can listen at up to 9x the average reading speed. This is a very useful Chrome extension for any person having reading disabilities and also helpful for students, learners, etc.

Download Speechify for Chrome here(Visit Website)

Todoist (Manage your to-do list items)

It is a top-rated extension in the Chrome web store that helps you to organize and manage your to-do list tasks. Todoist lets you create your to-do task list from your browser window and allows you to manage and track it easily. Using it you can plan your routine and quickly organize your tasks for the day right from the extension window so that all your daily essential work gets completed within time and your life becomes tidy.

Todoist makes sure that users don’t have to remember their long schedule of work, and it will do it for you so that you can concentrate on your work. This Extension has a rating of 4.7 out of 5 in the Chrome web store, rated by 50K users and it is currently used by more than 800K users globally.

Download Todoist for Chrome.

Custom Cursor for Chrome™

Everyone likes to have a little bit of fun at work so that you can work in a pleasant environment. The extension we have brought at the end of the list will surely add some fun to your work. As its name suggests, this extension lets you customize your mouse cursor in the Chrome browser. Custom Cursor for Chrome allows you to replace the default design of your cursor with many pre-built creative and cool funny shapes. If you want to use your own collection of mouse cursors, you can also upload and use them in your browser window. Custom cursors will definitely add some color and fun to your work.

Use this link to add Custom cursors to your browser.

Bonus Extension:

Google Translate (Best Language Translator)

It would certainly be an injustice if we omitted this Extension from this list of 15 useful Google Chrome extensions. As its name suggests, it is a product of Google, and it is the most popular extension in the Chrome Web Store. Google Translate is a translator tool that can translate an entire page or any highlighted part of a page to your favorite language very quickly. By default, English is set as the primary language to translate, but you can easily change it under the “Options” menu to any other supported language. Currently, this tool supports 109 languages. This Chrome extension is very helpful for writers, readers, travelers, students, and also for those who want to learn new languages.

Get Google Translate here.

Conclusion:

Browser plugins or extensions are really helpful for us for work in our browser as these extensions help you save time by getting work done faster, increase your productivity by eliminating many hassles, keeping your personal information confidential, protecting your computer and its important data, etc. These tools are also very useful, but it also matters how familiar you are with them and how you use them. These extensions are also user-friendly, but a new user may face some difficulties in using these extensions for the first time. But this is temporary and will become familiar after a few uses.

Another thing that users should keep in mind is that using too many extensions or plugins in their browser can slow down the browser and also consume more power. Therefore, you should keep only the necessary extensions and remove the unnecessary ones from your browser.

Leave a Comment